চিলাপথাৰ, 17 ডিচেম্বৰ : এগৰাকী মহিলাক শাৰীৰিক আৰু মানসিকভাৱে অত্যাচাৰ কৰাৰ অভিযোগ উত্থাপিত হৈছে এজন ছাত্ৰ নেতা বিৰুদ্ধে ৷ অভিযোগ অনুসৰি সদৌ অসম দেউৰী ছাত্ৰ ছাত্ৰ সন্থাৰ সভাপতি প্ৰাঞ্জল দেউৰীয়ে ধেমাজী জিলাৰ শ্ৰীপানী দেউৰী গাঁৱৰ দেউৰী উপাধিৰ এগৰাকী মহিলাৰ সম্প্ৰতি আত্মসাৎ কৰাৰ উদ্দেশ্যে কিছু দিনৰ পৰা ভাবুকি প্ৰদান কৰি আহিছে ৷
উল্লেখ্য যে, মহিলা গৰাকীয়ে দিব্যজ্যোতি নামৰ এটা উদ্যোগ ১৯৮০ চনতে আৰম্ভ কৰিছিল ৷ এই উদ্যোগটো সম্প্ৰসাৰণৰ বাবে হিতেশ্বৰ শইকীয়াৰ দিনতেই 25 লাখ টকাৰ এক সাহায্য আবণ্টন কৰা হৈছিল ৷ কিন্তু দুভাগ্যজনক ভাৱে সময়ৰ গতিত মহিলাগৰাকীৰ উদ্যোগটোৱে গতিশীলতা লাভ নকৰিলে ৷
অৱশেষত উদ্যোগটোৰ চিন হিচাপে থকা এদোখৰ মাটি আৰু দুটা কোঠালিৰ এটা ঘৰ এতিয়া ৰাজনৈতিক দলৰ নেতা তথা ছাত্ৰ সংগঠনৰ নেতাৰ আত্মসাতৰ লক্ষ্য হৈ পৰিছে ৷ মহিলা গৰাকীয়ে অভিযোগ কৰি কয়, প্ৰাঞ্জল দেউৰীয়ে মাটি আৰু ঘৰটো গ্ৰাস কৰাৰ স্বাৰ্থত মহিলা গৰাকীক দীৰ্ঘ দিনৰ পৰা শাৰীৰিক আৰু মানসিক অত্যাচাৰ কৰি আহিছে ৷ তদুপৰি ছাত্ৰ নেতাজনে অন্য মহিলাৰ সহায়ত মাৰপিট কৰাৰ অভিযোগ তুলিছে মহিলা গৰাকীয়ে ৷
লগতে পঢ়ক:মধ্য অসমৰ তিৱা স্বায়ত্ব শাসিত পৰিষদৰ নিৰ্বাচনৰ ভোটদান প্ৰক্ৰিয়া আৰম্ভ