ETV Bharat / state

পৰীক্ষা বাতিলৰ বাবেই লখিমপুৰত মেধাৱী ছাত্ৰীৰ আত্মহনন..! - হাইস্কুল শিক্ষান্ত পৰীক্ষা

লখিমপুৰত কৰুণ ঘটনা । মেধাৱী ছাত্ৰীয়ে বাছি ল'লে আত্মহননৰ পথ । হাইস্কুল শিক্ষান্ত পৰীক্ষা(HSLC) বাতিল কৰা বাবেই ছাত্ৰীগৰাকীয়ে এই চৰম পথ বাছি লোৱাৰ সন্দেহ ৰাইজৰ । ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত আৰম্ভ ।

suicide
পৰীক্ষা বাতিলৰ বাবেই লখিমপুৰত মেধাৱী ছাত্ৰীৰ আত্মহনন
author img

By

Published : Jun 20, 2021, 12:51 PM IST

লখিমপুৰ,২০ জুন: বহু মেধাৱী শিক্ষাৰ্থীৰ বাবে হাইস্কুল শিক্ষান্ত পৰীক্ষা যেন এক আৱেগ । হাইস্কুল শিক্ষান্ত পৰীক্ষা(HSLC)ত ভালদৰে উত্তীৰ্ণ হৈ পৰিয়ালৰ লগতে অঞ্চলটোৰ বাবে সুনাম অৰ্জন কৰাটো সেইসকল মেধাৱী শিক্ষাৰ্থীৰ সপোন । গাঁৱে-ভূঞে হাইস্কুল শিক্ষান্ত পৰীক্ষা এক উৎসৱৰ দৰে বুলি ক'লেও ভুল কোৱা নহ'ব । স্কুলত নামভৰ্তিৰ পৰা সকলো শিক্ষাৰ্থীৰ অভিভাৱকে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলৰ দিনটোলৈ অপেক্ষা কৰি থাকে ।

কিন্তু কৰ'ণাই(Corona) যেন সকলো আশা, সকলো সপোন ভাঙি চূড়-মাৰ কৰি দিলে । বিগত বছৰৰ পৰাই কৰ'ণাৰ সংহাৰী ৰূপ অব্যাহত আছে । প্ৰথম ঢৌৰ পাচত দ্বিতীয় ঢৌ(Second wave)ৰ বাবে বন্ধ আছে সকলো বিদ্যালয় ।

সম্প্ৰতি ৰাজ্যখনত সংক্ৰমণ অব্যাহত থকাৰ প্ৰতি লক্ষ্য ৰাখি শিক্ষা বিভাগে(Education Department) এক কঠোৰ সিদ্ধান্ত ল'বলৈ বাধ্য হ'ল । অৱশেষত হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষা বাতিল কৰিলে অসম চৰকাৰে(Assam Government) । এই ঘোষণাৰ পাচতে বহু শিক্ষাৰ্থী ক্ষোভিত হৈ পৰা দেখিবলৈ পোৱা গৈছে । এই কৰ'ণা পৰিস্থিতিৰ মাজতো অতি কষ্টৰে দিনে নিশাই পৰীক্ষাৰ বাবে নিজকে সাজু কৰাৰ পাচত চৰকাৰে এই সিদ্ধান্ত লোৱাত দুখত ভাগি পৰিছে বহু শিক্ষাৰ্থী ।

অৱশেষত মৃত্যুৰ দৰে চৰম পথ বাছি ল'লে এগৰাকী মেধাবী ছাত্ৰীয়ে । লখিমপুৰৰ ক'ৰ্চনৰ মাজৰকুৰিত সংঘটিত হৈছে এই কৰুণ ঘটনা । পৰীক্ষা বাতিল কৰাৰ বাবেই আত্মহননৰ পথ বাছি লোৱাৰ সন্দেহ কৰিছে পৰিয়াল তথা স্থানীয় লোকে । জানিব পৰা মতে,উন্নত মানৰ ফলাফলৰ আশাৰে কঠোৰ অধ্যয়ন কৰি HSLC পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ আশা কৰিছিল মেধাৱী ছাত্ৰীগৰাকীয়ে ।

কিন্তু শিক্ষা বিভাগে পৰীক্ষা বাতিল কৰাত নিৰাশ হৈ আত্মহননৰ পথ বাছি লোৱা বুলি সন্দেহ কৰিছে সকলোৱে । সম্প্ৰতি ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে ।

মেধাৱী ছাত্ৰীগৰাকীৰ এনে পদক্ষেপৰ পাচতে এতিয়া শোকত ভাগি পৰিছে পৰিয়াল তথা ওচৰ চুবুৰীয়া ৷

লগতে পঢ়ক:কমলপুৰত বিধ্বংসী অগ্নিকাণ্ড

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.