লখিমপুৰ,২৬ জুন: সোমবাৰে বিয়লি এক উত্তপ্ত পৰিস্থিতি সৃষ্টি হয় লখিমপুৰ জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত । হেলমেট পৰিধান কৰি বাইক লৈ বস্তু থপিয়াই নিয়া দুই চিলনী চোৰক কৰায়ত্ত কৰে ৰাইজে । সৃষ্টি হয় এক হুলস্থূলীয়া পৰিস্থিতি । এনে দৃশ্য প্ৰত্যক্ষ কৰে জিলাৰ উপায়ুক্ত সুমিত সাত্তাৱান আৰু আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰ সহ বহু লোকে ।
ৰাইজৰ লপাথপাত চিলনী চোৰে ড্ৰাগছৰ বাবেই এনে অপকর্মত লিপ্ত হোৱাৰ কথা প্ৰকাশ কৰে । পিছে এয়া সঁচা ঘটনা নাছিল । আছিল এখন বাটৰ নাটৰ দৃশ্যাংশ হে । উপায়ুক্ত, আৰক্ষী অধীক্ষকে প্ৰত্যক্ষ কৰে এই নাটখন । উল্লেখযোগ্য আন্তৰ্জাতিক নিচাযুক্ত দ্ৰব্যৰ অপব্যৱহাৰ আৰু অবৈধ সৰবৰাহ বিৰোধী দিৱসৰ সৈতে সংগতি ৰাখি লখিমপুৰত অপ্ৰতিৰোধ্য আৰু সেৱাদ্বীপৰ উদ্যোগত এই বাটৰ নাট খন প্ৰদৰ্শন কৰা হয় ।
সোমবাৰে আন্তৰ্জাতিক নিচাযুক্ত দ্ৰব্যৰ অপব্যৱহাৰ আৰু অবৈধ সৰবৰাহ বিৰোধী দিৱসৰ লগত সংগতি ৰাখি সমগ্ৰ বিশ্বৰ লগতে আজি লখিমপুৰতো পালন কৰা হয় আন্তৰ্জাতিক নিচাযুক্ত দ্ৰব্যৰ অপব্যৱহাৰ আৰু অবৈধ সৰবৰাহ বিৰোধী দিৱস । লখিমপুৰ আৰক্ষী বিভাগৰ সহযোগত অপ্ৰতিৰোধ্য আৰু সেৱাদ্বীপ নামৰ সংস্থা দুটাৰ উদ্যোগত পালন কৰা হয় আন্তৰ্জাতিক নিচাযুক্ত দ্ৰব্যৰ অপব্যৱহাৰ আৰু অবৈধ সৰবৰাহ বিৰোধী দিৱস ।
তাৰেই অংশ হিচাপে সংস্থা দুটাৰ উদ্যোগত লখিমপুৰ জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সম্মুখত প্ৰদৰ্শন কৰা হয় বাটৰ নাট । বাটৰ নাটখনৰ জড়িয়তে ড্ৰাগছৰ দৰে মাৰাত্মক নিচাজাতীয় দ্ৰব্যৰ সেৱনৰ কু-প্ৰভাৱ সম্পৰ্কে তুলি ধৰাৰ প্ৰয়াস চলায় NGO দুটাৰ কৰ্মকৰ্তাসকলে । লখিমপুৰ আৰক্ষীৰ সহযোগত বাটৰ নাট প্ৰদৰ্শনৰ এই অনুষ্ঠানত উপস্থিত থাকি উপায়ুক্ত সুমিত সত্তাৱান, আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰই ড্ৰাগছৰ ভয়াবহতা সম্পৰ্কে উল্লেখ কৰি জনসাধাৰণক আৰক্ষী তথা জিলা প্ৰশাসনৰ ড্ৰাগছ বিৰোধী অভিযানত সহায় কৰিবলৈ আহ্বান জনায় ।
লখিমপুৰ সদৰ থানাৰ জ্যেষ্ঠ আৰক্ষী বিষয়া দেৱেন বৰাই আঁত ধৰা এই অনুষ্ঠানত অতিৰিক্ত আৰক্ষী অধীক্ষক মুনীন্দ্ৰ নাথ দেউৰী, আৰক্ষী বিষয়া দিগন্ত শইকীয়া, অপ্ৰতিৰোধ্যৰ সভাপতি গৌৰাঙ্গ দত্ত, সম্পাদক নোমল বৰা, সেৱাদ্বীপৰ সভাপতি সীমান্ত দাস, সম্পাদক তৰুণ গগৈ প্ৰমুখ্যে দুয়োটা সংগঠনৰ বিষয়ববীয়া-সদস্য, আৰু লখিমপুৰ আৰক্ষীৰ বিষয়াসকলে অংশগ্ৰহণ কৰি সহযোগিতা আগবঢ়ায় ।
লগতে পঢ়ক: Congress joining program: "বিধান সভাৰ সমষ্টিসমূহ মুখ্যমন্ত্ৰীৰ পৈতৃক সম্পত্তি নেকি?"- ভূপেন বৰা