ETV Bharat / state

লখিমপুৰত মন্ত্ৰী পীযুষ হাজৰিকাৰ PMAY ৰ চেক বিতৰণ - লখিমপুৰত মন্ত্ৰী পিজুষ হাজৰিকাৰ PMAY ৰ চেক বিতৰণ

দুৰ্নীতিমুক্ত হৈ তথা আঁচনিৰ মতে গৃহ নিৰ্মাণ কৰিবলৈ আহ্বান ৰাজ্যিক মন্ত্ৰী পিজুষ হাজৰিকাৰ ৷ কোনো মধ্যস্থতাকাৰী এজেন্ট নোহোৱাকৈ পোনপটীয়াকৈ হিতাধীকাৰীৰ বেংকত নিৰ্মাণৰ ধন জমা কৰা হৈছে বুলি জানিবলৈ দিছে ৷

লখিমপুৰত মন্ত্ৰী পিজুষ হাজৰিকাৰ PMAY ৰ চেক বিতৰণ

author img

By

Published : Aug 4, 2020, 6:47 PM IST

Updated : Aug 4, 2020, 7:05 PM IST

নাওবৈচা, 4 আগষ্টঃ অসম চৰকাৰৰ ৰাজ্যিক স্বাস্থ্য আৰু নগৰ উন্নয়ন দপ্তৰৰ মন্ত্ৰী পীযুষ হাজৰিকা সোমবাৰে লখিমপুৰত উপস্থিত হৈ প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত নিৰ্মাণ কৰিবলৈ লোৱা কেইবাটাও গৃহৰ শিলান্যাস কৰি প্ৰথম কৃষ্টিৰ ৮০ হাজাৰকৈ টকাৰ চেক বিতৰণ কৰে ৷ এই শিলান্যাস কাৰ্যসূচীত লখিমপুৰৰ সাংসদ প্ৰদান বৰুৱা, বিধায়ক উৎপল দত্ত, বিজেপিৰ ৰাজ্যিক সমিতিৰ সদস্য মানৱ ডেকা উপস্থিত থাকে ৷

লখিমপুৰত মন্ত্ৰী পিযুষ হাজৰিকাৰ PMAY ৰ চেক বিতৰণ

ইয়াৰ পাছতে মন্ত্ৰী জনে উত্তৰ লখিমপুৰ পৌৰ সভাৰ সভাগৃহত এখন সভাত অংশগ্ৰহণ কৰি দীনদয়াল অন্ত্যোদয়া যোজন ৰাষ্ট্ৰীয় নগৰীয়া জীৱিকা অভিযানৰ অন্তগৰ্ত প্ৰধানমন্ত্ৰী আৱাস যোজনা (চহৰাঞ্চল)ৰ হিতাধিকাৰীক চেক বিতৰণ কৰাৰ লগতে পি এম ষ্ট্ৰীট ভেনদৰ্ছ আত্মনিৰ্ভৰ আঁচনি PMSVA নিধি কায্যসূচীৰ শুভাৰম্ভণি কৰি ১০ হাজাৰকৈ টকাৰ চেক বিতৰণ কৰে ৷

লখিমপুৰ জিলাত মুঠ ১৫০১ আৱাস গৃহ মঞ্জুৰ কৰা হৈছে ৷ এই সভাত সাংসদ প্ৰদান বৰুৱা, বিধায়ক উৎপল দত্ত, জিলা উপায়ুক্ত ডo জীৱন বি কে ধৰি বহুকেইজন গন্য-মান্য ব্যক্তি উপস্থিত থাকি বক্তব্য প্ৰদান কৰে ৷ ভাষণ প্ৰসংগত মন্ত্ৰী পীযুষ হাজৰিকাই কয় যে, বত্তৰ্মান বি জে পি চৰকাৰে দুখীয়া ৰাইজৰ কল্যাণৰ ওপৰত গুৰুত্ব আৰোপ কৰি বিশেষ আঁচনি গ্ৰহণ কৰি কৰ্মক্ষেত্ৰত অগ্ৰসৰ হৈছে ৷ তেখেতে লগতে কয় যে, কোনো মধ্যস্থতাকাৰী তথা এজেন্ট নোহোৱাকৈ পোনপটীয়া ভাৱে হিতাধীকাৰীৰ বেংকত নিৰ্মাণৰ ধন জমা কৰা হৈছে ৷

লগতে পঢ়কঃ নগাঁও হাস্পতালত নাৰ্ছৰ ওপৰত চিকিৎসকৰ গুণ্ডাৰাজ

Last Updated : Aug 4, 2020, 7:05 PM IST

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.