ETV Bharat / state

নাওবৈচাৰ আৰক্ষী আক্ৰমণত জড়িতক 24 ঘণ্টাৰ ভিতৰত গ্ৰেপ্তাৰৰ নিৰ্দেশ - নাওবৈচাৰ আৰক্ষী আক্ৰমণত জড়িতক 24 ঘণ্টাৰ ভিতৰত গ্ৰেপ্তাৰৰ নিৰ্দেশ

বৃহস্পতিবাৰে নিশা লখিমপুৰৰ পানধোৱাত সমূহীয়া নামাজ পঢ়া কাৰ্যত বাধা প্ৰদান কৰা বাবে ৰাইজে আৰক্ষীৰ এটা দলৰ ওপৰত আক্ৰমণ চলাইছিল ৷ উক্ত ঘটনাৰ উচিত তদন্তৰ লগতে 24 ঘণ্টাৰ ভিতৰত দোষীক কৰায়ত্ত কৰিবলৈ নিৰ্দেশ দিছে জিলাখনৰ আৰক্ষী অধীক্ষক গৰাকীয়ে ৷

SP reaction of lakhimpur
নাওবৈচাৰ আৰক্ষী আক্ৰমণ
author img

By

Published : May 1, 2020, 3:45 PM IST

লখিমপুৰ,1 মে’ঃ বৃহস্পতিবাৰে নিশা লখিমপুৰ জিলাৰ নাওবৈচাৰ পানধোৱাত আৰক্ষীৰ এটা দলৰ ওপৰত আক্ৰমণ কৰিছিল একাংশ লোকে ৷ উক্ত আক্ৰমণৰ লগত জড়িত দোষীক ২৪ ঘণ্টাৰ ভিতৰত গ্ৰেপ্তাৰ কৰিবলৈ কঠোৰ নিৰ্দেশ প্ৰদান কৰিছে জিলাখনৰ আৰক্ষী অধীক্ষক ৰাজবীৰ সিঙে ৷

নাওবৈচাৰ আৰক্ষী আক্ৰমণ

ইতিমধ্যে আৰক্ষীয়ে নিজাববীয়াকৈ এক গোচৰ ৰুজু কৰি মছজিদত সমবেত আইন ভংগকাৰী লোকৰ বিৰুদ্ধে আৰম্ভ কৰিছে তদন্ত । উল্লেখ্য যে, ঘটনা সংঘটিত হোৱাৰ পূৰ্বে আৰক্ষীয়ে নামাজৰ বাবে সমবেত ৰাইজৰ ওপৰত লাঠিচালনা কৰা নাছিল ৷ আৰক্ষীৰ প্ৰাৰম্ভিক তদন্তত ২০-২৫ জনীয়া এটা দল আক্ৰমণত জড়িত থকাৰ কথা পোহৰলৈ আহিছে ৷ আইন ভংগকাৰীসকল কঠোৰ শাস্তিৰ সন্মুখীন হ’ব বুলি প্ৰকাশ কৰিছে আৰক্ষী অধীক্ষক গৰাকীয়ে ৷ কিন্তু প্ৰকৃততে কোনে বা কাৰ নিৰ্দেশত এই আক্ৰমণ চলিছিল সেয়া স্পষ্ট হোৱা নাই ।

লগতে চাওকঃ ৰাজহুৱা নামাজত বাধা দিয়াৰ বাবেই আক্ৰমণ আৰক্ষীকঃ ৰাজ্যজুৰি চাঞ্চল্য

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.