ETV Bharat / state

ক’ভিড সংকটত ৰাজ্যৰ পদপথৰ ক্ষুদ্র ব্যৱসায়ীৰ জীৱন বিপৰ্যস্ত

ক’ভিড কালত সম্প্ৰতি ৰাজ্যত চাৰি লাখ পদপথৰ ক্ষুদ্র ব্যৱসায়ীয়ৰ ব্যৱসায় বন্ধ হৈ পৰিছে ৷ এই সকল লোককলৈ প্ৰধানমন্ত্ৰীয়ে লোৱা স্ব-নিধিৰ আঁচনিৰ পৰাও বঞ্চিত হৈছে ৰাজ্যৰ বৃহৎ সংখ্যক ক্ষুদ্র ব্যৱসায়ী ৷

author img

By

Published : Jun 13, 2021, 10:42 AM IST

small-business-man-suffering-for-covid-situation
ক’ভিড সংকটত ৰাজ্যৰ পদপথৰ ক্ষুদ্র ব্যৱসায়ীৰ জীৱন বিপৰ্যস্ত

লখিমপুৰ, 13 জুন : ক’ভিড সৃষ্ট সংকট কালত(days of covid crisis) ৰাজ্যৰ পদপথৰ চাৰি লাখ ক্ষুদ্ৰ ব্যৱসায়ী(small business man)য়ে হাহাকাৰ কৰিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে । এইসকল ব্যৱসায়ীক ঢুকি পোৱা নাই চৰকাৰৰ আঁচনিয়ে । উল্লেখ্য যে, ক’ভিড কালত সম্প্ৰতি ৰাজ্যৰ চাৰি লাখ পদপথ(foot path)ৰ ক্ষুদ্র ব্যৱসায়ীয়ে তেওঁলোকৰ ব্যৱসায় বন্ধ হৈ পৰাৰ বাবে হাহাকাৰ কৰিবলগীয়া হৈছে ।

পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি এইসকল লোকক সকাহ দিবলৈ বিগত সময়ত দেশৰ প্ৰধানমন্ত্ৰী(prime minister)য়ে স্ব-নিধি আঁচনিৰ জৰিয়তে ৭ শতাংশ সুদৰ হাৰত ১০ হেজাৰকৈ টকা দিয়াৰ ঘোষণা কৰিছিল । সম্প্ৰতি এই আঁচনি অসাৰ হোৱাৰ অভিযোগ উত্থাপিত হৈছে । এই আঁচনিত এক নগণ্য সংখ্যক লোককহে সামৰি লোৱা হোৱাৰ অভিযোগ উত্থাপিত হৈছে ।

চাৰি লাখ লোকৰ ভিতৰত কেৱল মাত্ৰ তেৰ হেজাৰ চাৰিশ তেৱন্ন জনেহে এই আঁচনিৰ সুবিধা গ্রহণ কৰিবলৈ সক্ষম হয় । জিলাই জিলাই বঞ্চিত হৈ ৰোৱা লোকসকলৰ দৰে লখিমপুৰতো এই আঁচনিৰ পৰা বঞ্চিত হৈ ৰয় কেইবাশ ক্ষুদ্র ব্যৱসায়ী । অনতিপলমে ৰাজ্যৰ সকলো ব্যৱসায়ীক এই আঁচনিত সামৰি লোৱাৰ লগতে ইতিমধ্যে যিখিনিয়ে এই আঁচনিৰ সুবিধা গ্রহণ কৰিবলৈ সক্ষম হৈছিল তেওঁলোককো পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি যোৱা কেইমাহমানৰ সুদ ৰেহাই দিব লাগে বুলি দাবী কৰিছে ব্যৱসায়ীসকলে ।

লগতে পঢ়ক : কৰ'ণাৰ কৰাল গ্ৰাসত টেণ্ট হাউচৰ ব্যৱসায়

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.