লখিমপুৰ, 17 নৱেম্বৰ : লখিমপুৰৰ বগীনদীত ব্যতিক্ৰমী অনুষ্ঠান ৷ দুই শতাধিক পিতৃ-মাতৃক সেৱা কৰাৰ এক মহৎ কাৰ্যসূচী হাতত লোৱা হৈছে ৷ বাইথ' সমাজৰ ৰূপালী জয়ন্তী উপলক্ষে এই বিশেষ অনুষ্ঠান হাতত লোৱা হৈছে ৷ এই অনুষ্ঠানত দুশগৰাকী পিতৃ আৰু 43 গৰাকী মাতৃক সেৱা কৰাৰ আয়োজন কৰা হৈছে । অহা 18 নৱেম্বৰত এই অনুষ্ঠান অনুষ্ঠিত কৰা হ’ব ৷
উল্লেখ্য যে, লখিমপুৰৰ বগীনদী আঞ্চলিক বাইথ’ সমাজৰ ৰূপালী জয়ন্তী উপলক্ষে বৰ্ষজোৰা কাৰ্যসূচী অব্যাহত আছে ৷ এই কাৰ্যসূচীৰ অংশ হিচাপে বগীনদীৰ গজাই মনাই ক্ষেত্রত এই বিশেষ অনুষ্ঠানৰ আয়োজন কৰা হৈছে । এই অনুষ্ঠানটো লখিমপুৰৰ প্ৰতিষ্ঠিত ব্যৱসায়ী গোবিন বৰদলৈয়ে দীৰ্ঘদিন ধৰি পৰিচালনা কৰি অহা ‘মা' নামৰ অনুষ্ঠানৰ জৰিয়তে অনুষ্ঠিত কৰা হ’ব ।
বৃহস্পতিবাৰে বিয়লি লখিমপুৰ প্ৰেছ ক্লাৱত আয়োজিত এক সংবাদমেলযোগে এই অনুষ্ঠানৰ ঘোষণা কৰি ব্যৱসায়ীগৰাকীয়ে কয় যে এই বিশেষ অনুষ্ঠানলৈ বগীনদী অঞ্চলৰ বিভিন্ন জাতি জনগোষ্ঠীৰ পিতৃ-মাতৃসকলৰ লগতে নৱম আৰু দশম শ্রেণীৰ তিনি শতাধিক ছাত্র-ছাত্রীক আমন্ত্রণ জনোৱা হৈছে ।
লগতে তেওঁ কয় যে ‘মা’ অনুষ্ঠানৰ জৰিয়তে প্ৰতিবছৰে "শ্ৰৱণ কুমাৰ বঁটা" প্ৰদান কৰা হয় ৷ এইবাৰ লখিমপুৰৰ তেলাহী মৌজাৰ এচাৰিখনাৰ লক্ষীৰাম নাথক এই "শ্ৰৱণ কুমাৰ বঁটা"ৰ বাবে নিৰ্বাচিত কৰা হয় ৷ ইয়াৰোপৰি এইবৰ্ষৰ পৰা নতুনকৈ সংযোজন ঘটোৱা হৈছে "আদৰ্শ পুত্ৰ বঁটা"ৰ ৷ এইবৰ্ষত লখিমপুৰৰ খেলমাটি নিবাসী শিক্ষক ওম প্ৰকাশ তিৱাৰীক এই "আদৰ্শ পুত্ৰ বঁটা" প্ৰদান কৰা হ’ব ৷
সংবাদমেলখনত বগীনদী আঞ্চলিক বাইথ’ সমাজৰ সভাপতি চেনিৰাম সোণোৱাল, সম্পাদক গোপীনাথ সোণোৱাল, ৰূপালী জয়ন্তী উদযাপন সমিতিৰ সম্পাদক মজিন সোণোৱালৱে বাইথ' সমাজৰ ৰূপালী জয়ন্তীৰ বিভিন্ন কাৰ্যসূচীৰ লগতে এই বিশেষভাৱে আয়োজন কৰা অনুষ্ঠানটোৰ বিষয়ে বিতং ব্যাখ্যা কৰে ।
লগতে পঢ়ক : শ্ৰী ৰঘূপতিৰ নিৰ্মাণৰ ধন ক'ৰ পৰা আহিছিল ?