বিহপুৰীয়া, 6 আগষ্ট: নাৰায়ণপুৰৰ ৰঙতি আমগুৰিত উদ্ধাৰ হৈছে ১৪ টাকৈ ৰূপৰ মুদ্ৰাৰ লগতে দুপাত খাৰু ৷ প্ৰবিত্ৰ গগৈ নামৰ এজন যুৱকে বন্ধু এগৰাকীৰ সৈতে পথাৰৰ জানত মাছ ধৰি থকা অৱস্থাত উদ্ধাৰ কৰে ৰূপৰ সামগ্ৰী কেইপদ ৷ কেইটামান মুদ্ৰাত উৰ্দু আৰু সংস্কৃত ভাষা লিপিবদ্ধ থকাৰ বিপৰীতে, আন কেইমান মুদ্ৰাৰ লিপি সুস্পষ্ট নহয় ৷ মুদ্ৰা উদ্ধাৰৰ ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে সমগ্ৰ অঞ্চলটোত ৷ উল্লেখ্য যে, উদ্ধাৰ হোৱা সামগ্ৰী সমূহ আহোম যুগৰ বুলি অনুমান কৰিছে ৰাইজে ৷
লগতে পঢ়ক: ৰাম মন্দিৰ হ’লে ৰাম ৰাজ্যও স্থাপন হ’ব : ভৱেশ কলিতা