লখিমপুৰ,25 ছেপ্তেম্বৰ: লখিমপুৰত পথাৰৰ মাজত ঘৰ সাজি দীৰ্ঘদিনে অনৈতিক কৰ্মত লিপ্ত হৈছিল এগৰাকী ব্যক্তি ৷ অৱশেষত ব্যক্তিগৰাকীক হাতে-লোটে ধৰা পেলাই স্থানীয় ৰাইজে ৷ জিলাখনৰ কদম যোৰহটীয়া গাঁও নিবাসী পঞ্চাশোৰ্ধৰ ফটিক বৰগোঁহাই নামৰ ব্যক্তিগৰাকীয়ে দীৰ্ঘদিনে চলাই গৈছিল বিভিন্ন অনৈতিক কাৰ্য ৷
শুকুৰবাৰে পুৱা ব্যক্তিগৰাকীক ঘৰটোত এগৰাকী মহিলাৰ সৈতে অনৈতিক কাৰ্যত লিপ্ত থকাৰ সময়তে স্থানীয় মহিলাই হাতে-লোটে ধৰা পেলায় ৷ পূৰ্বেও ব্যক্তিগৰাকীয়ে বহুকেইগৰাকী মহিলাৰ সৈতে এনে অনৈতিক কাৰ্যত লিপ্ত হোৱাৰ কথা সদৰী কৰে ফটিকৰ প্ৰথমা পত্নীয়ে ৷ স্থানীয় লোকৰ খবৰৰ ভিত্তিত আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ কৰায়ত্ত কৰে ব্যক্তিগৰাকীৰ লগতে ঘটনাটোত জড়িত মহিলাগৰাকীক ৷ ব্যক্তিগৰাকী কোনো নাৰী দেহ ব্যৱসায়ী চক্ৰৰ সৈতে জড়িত থকা বুলি সন্দেহ প্ৰকাশ কৰিছে স্থানীয় আৰক্ষীয়ে ৷
লগতে চাওকঃ কৃষক বিৰোধী বিধেয়ক বাতিলৰ দাবীৰে গোৰেশ্বৰবাসীৰ প্ৰতিবাদ