ETV Bharat / state

Erosion in Lakhimpur : লখিমপুৰত বানৰ সমানে খহনীয়াৰ তাণ্ডৱ, নিৰ্বিকাৰ জিলা প্ৰশাসন

author img

By

Published : Jul 8, 2023, 2:26 PM IST

লখিমপুৰত বানৰ সমানে খহনীয়াৰ তাণ্ডৱ । চেনীমাই নৈৰ খহনীয়াত ঘৰ-বাৰী, পথ নিশ্চিন্ন হোৱাৰ উপক্ৰম ৷

Flood in Lakhimpur
লখিমপুৰত বানৰ সমানে খহনীয়াৰ তাণ্ডৱ

লখিমপুৰ, 8 জুলাই : বান, গৰাখহনীয়াৰ কৱলত লখিমপুৰ জিলা । বান গৰকি যোৱাৰ পিচতে এতিয়া জিলাখনৰ বিভিন্ন অংশত আৰম্ভ খহনীয়া । বান আৰু খহনীয়াই বিপৰ্যস্ত কৰি তুলিছে জিলাখনৰ বিভিন্ন অঞ্চল ।

জিলাখনৰ মাজেৰে যোৱা চেনীমাই নৈৰ খহনীয়াত ঘৰ বাৰী, পথ আদি নিশ্চিন্ন হোৱাৰ উপক্ৰম হৈছে । উপৰ্যুপৰি দুৰ্যোগৰ কবলত পৰিছে লখিমপুৰ জিলাৰ বিভিন্ন অঞ্চল । বিশেষ কৈ বানে ধুৱাই নিয়া অঞ্চলসমূহৰ একাংশত ভূতৰ ওপৰতে দানহ পৰাদি খহনীয়াই বিপৰ্যস্ত কৰি তুলিছে স্বাভাৱিক জীৱন যাত্ৰা । নগৰৰ সমীপৰ কদম এলেকাত বান আৰু খহনীয়া সৃষ্টি কৰি চেনীমাই নৈয়ে বিস্তৰ ক্ষতি সাধন ঘটোৱা পৰিলক্ষিত হৈছে । বিগত তিনিদিন ধৰি চেনীমাই নৈৰ বানে কদম টেঙাবস্তি, কদম বালিজান আদি গাওঁবোৰ বুৰাই ৰাখিছে ।

ৰাস্তা-ঘাট, ঘৰ-বাৰী, শস্যক্ষেত্রৰ বিস্তৰ ক্ষতি হোৱা এই প্ৰৱল বানৰ কবলৰ পৰা জলবন্দী হৈ পৰা লোকক উদ্ধাৰ কৰিবলৈ জিলা প্ৰশাসনে এছডিআৰএফ বাহিনীৰ সহায় ল’বলগীয়া পৰিস্থিতিৰো উদ্ভৱ হোৱা পৰিলক্ষিত হৈছে । সম্প্ৰতি অঞ্চলটোত অপৰিবৰ্তিত হৈ আছে বান পৰিস্থিতি ৷ সমান্তৰালভাৱে আৰম্ভ হৈছে খহনীয়াৰ তাণ্ডৱ । নৈ খনৰ খহনীয়াত ইতিমধ্যে বহু পৰিয়ালৰ উচন গৈছে বুলি জানিবলৈ পৰা গৈছে । বৰ্তমানেও বহুকেইটা পকী ঘৰ খহনীয়াত উছন হোৱাৰ উপক্ৰম ঘটিছে ।

আনকি বিভিন্ন স্থানত সংযোগী পথ খহাই নিয়াৰ ফলত যাতায়াত ব্যবস্থা বন্ধ হৈ পৰা পৰিলক্ষিত হৈছে । বান আৰু খহনীয়াই ক্ৰমে তচনচ কৰি নিঃশেষ কৰাৰ উপক্ৰম কৰিছে জিলাখনৰ বিভিন্ন অঞ্চল । অৱশ্যে কেবাটাও এলেকা বানত বিধ্বস্ত হোৱাৰ পাছতো স্থানীয় পঞ্চায়ত প্ৰতিনিধিৰ পৰা জিলা প্ৰশাসনলৈকে কোনোৱে গুৰুত্ব প্ৰদান কৰা নাই বুলি বানত ক্ষতিগ্ৰস্থ লোকে জানিবলৈ দিয়ে । বিষয়টোত প্ৰশাসনৰ গুৰুত্ব দিবলৈ আহ্বান জনাইছে বান বিধস্ত ৰাইজে ৷

লগতে পঢ়ক : WB Panchayat Elections 2023 : পশ্চিমবংগত ভোটদানৰ মাজত অব্যাহত আছে নিৰ্বাচনী হিংসা: ৭ জনৰ মৃত্যু

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.