ETV Bharat / state

বিহপুৰীয়াত চাঞ্চল্যকৰ গুলীচালনাৰ ঘটনা

author img

By

Published : Apr 27, 2021, 11:44 AM IST

লখিমপুৰত সংঘটিত হয় এক চাঞ্চল্যকৰ গুলীচালনাৰ ঘটনা ৷ বিহপুৰীয়াত এগৰাকী বেংক এজেণ্টে বাইকেৰে ঘৰলৈ গৈ থকাৰ সময়তে অস্ত্ৰধাৰী দুৰ্বৃত্তই সংঘটিত কৰে এই ঘটনা ৷ গুলীচালনাত ৰিজু দাস নামৰ লোকজন গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় ৷

বিহপুৰীয়াত চাঞ্চল্যকৰ গুলীচালনাৰ ঘটনা
বিহপুৰীয়াত চাঞ্চল্যকৰ গুলীচালনাৰ ঘটনা

বিহপুৰীয়া,27এপ্ৰিল: সোমবাৰে সন্ধিয়া লখিমপুৰত সংঘটিত হয় এক চাঞ্চল্যকৰ গুলীচালনাৰ ঘটনা ৷ বিহপুৰীয়াত এগৰাকী বেংক এজেণ্টে বাইকেৰে ঘৰলৈ গৈ থকাৰ সময়তে অস্ত্ৰধাৰী দুৰ্বৃত্তই সংঘটিত কৰে এই চাঞ্চল্যকৰ ঘটনাটো ৷ ঘটনা অনুসৰি, বিহপুৰীয়া নগৰৰ 6 নম্বৰ ৱাৰ্ডৰ নিবাসী গৌৰাংগ দে নামৰ এজেণ্ট গৰাকীয়ে দৈনিক পুঁজি সংগ্ৰহ কৰি ঘৰলৈ গৈ থকাৰ সময়তে পূৰ্বৰে পৰা খাপ পিতি থকা দুই অস্ত্ৰধাৰী দুৰ্বৃত্তই টকা ভৰ্তি বেগটো টনা-আজোৰা কৰে ৷ অসহায় লোকজনে চিঞৰ-বাখৰ কৰাত একে পথেৰে আহি থকা ৰিজু দাস নামৰ লোকজনে এজেণ্ট গৰাকীক সহায়ৰ বাবে আগবাঢ়ি আহে ৷

বিহপুৰীয়াত চাঞ্চল্যকৰ গুলীচালনাৰ ঘটনা

কিন্তু অস্ত্ৰধাৰী দুই যুৱকে 2,52,750 টকা ভৰ্তি বেগটো কাঢ়ি লোৱাৰ লগতে ৰিজু দাসক লক্ষ্য কৰি পিষ্টলেৰে গুলীয়ায় ৷ যাৰ ফলত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় ৰিজু দাস ৷ ততাতৈয়াকৈ ৰিজুক চিকিৎসালয়লৈ লৈ যোৱা হয় যদিও উত্তৰ লখিমপুৰ অসামৰিক চিকিৎসালয়ে ডিব্ৰুগড়লৈ প্ৰেৰণ কৰে ৷ ইতিমধ্যে আৰক্ষীয়ে অভিযান আৰম্ভ কৰিছে ৷ লগতে আঘাতপ্ৰাপ্ত ব্যক্তিগৰাকী বিপদমুক্ত বুলি জানিবলৈ দিছে চিকিৎসকে ৷

লগতে পঢ়ক: পত্নীক হত্যা কৰি নদীত জপিয়াই পলায়নৰ চেষ্টা স্বামীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.