ETV Bharat / state

শংকৰদেৱ শিশু বিদ্যা নিকেতনত জ্ঞান-বিজ্ঞান মেলা - Science Exhibition in Naoboisa

ছাত্ৰ-ছাত্ৰীৰ বৌদ্ধিক-মানসিক উত্তৰণৰ লক্ষ্যৰে নাওবৈচাস্থিত শংকৰদেৱ শিশু বিদ্যা নিকেতনত অনুষ্ঠিত হৈ যায় জ্ঞান-বিজ্ঞান মেলাৰ(For Intellectual and mental development organizing Science Exhibition) ৷ জ্ঞান-বিজ্ঞান মেলাত শ্ৰেষ্ঠ আৰ্হি প্ৰদৰ্শন কৰা ছাত্ৰ-ছাত্ৰী সকলে ছেপ্টেম্বৰ মাহত অনুষ্ঠিত হবলগীয়া প্ৰান্তীয় জ্ঞান-বিজ্ঞান মেলাত অংশ গ্ৰহণৰ সুযোগ পাব আৰু প্ৰান্তীয় জ্ঞান-বিজ্ঞান মেলাত শ্ৰেষ্ঠ আৰ্হি প্ৰদৰ্শন কৰি নিৰ্বাচিত হলে অক্টোবৰত ভূপালত হবলগীয়া ৰাষ্ট্ৰীয় জ্ঞান-বিজ্ঞান মেলাত অংশ গ্ৰহণৰ সুযোগ লাভ কৰিব ৷

Science Exhibition in Naoboisa
শংকৰদেৱ শিশু বিদ্যা নিকেতনত জ্ঞান-বিজ্ঞান মেলা
author img

By

Published : Aug 31, 2022, 1:47 PM IST

Updated : Aug 31, 2022, 2:29 PM IST

নাওবৈচা, ৩০ আগষ্ট: গণিত আৰু বিজ্ঞানৰ প্ৰতি ছাত্ৰ-ছাত্ৰীসকলক সৰুৰে পৰা আকৰ্ষণ বৃদ্ধি কৰাৰ লগতে তেওঁলোকৰ বৈজ্ঞানিক চিন্তা-ভাৱনাক জাগ্ৰত কৰাৰ লক্ষ্যৰে ৰাজ্যৰ শিশু নিকেতনসমূহে প্ৰতি বছৰেই অনুষ্ঠিত কৰি আহিছে জ্ঞান-বিজ্ঞান মেলা । একেদৰে মঙলবাৰে নাওবৈচাস্থিত শংকৰদেৱ শিশু বিদ্যা নিকেতনত অনুষ্ঠিত হৈ যায় এখনি জ্ঞান-বিজ্ঞান মেলা (Science Exhibition in Naoboisa)। লখিমপুৰ-ধেমাজি সংকুলৰ অন্তৰ্গত ১৬ খন স্থানীয় নিকেতনৰ ৬৭ গৰাকী ছাত্ৰ-ছাত্ৰীৰ মাজত অনুষ্ঠিত কৰা হয় মেলাখনৰ (Science Exhibition in Shankardev shishu vidya niketan) ।

মেলাখনত ছাত্ৰ ছাত্ৰীসকলে বিজ্ঞান আৰু গণিতৰ আৰ্হি প্ৰদৰ্শন, বিজ্ঞান আৰু বৈদিক গণিত পত্ৰ বাচন, বৈদিক গণিত আৰু সাংস্কৃতিক জ্ঞানৰ সুন্দৰ আৰ্হি প্ৰদৰ্শন কৰা হয় । নাওবৈচা শংকৰদেৱ শিশু বিদ্যা নিকেতনত অনুষ্ঠিত হোৱা জ্ঞান-বিজ্ঞান মেলাখনৰ আৰম্ভণিতে বন্তি প্ৰজ্বলন কৰে নিকেতনৰ পৰিচালনা সমিতিৰ সভাপতি ইন্দ্ৰেশ্বৰ শইকীয়াই ৷

শংকৰদেৱ শিশু বিদ্যা নিকেতনত জ্ঞান-বিজ্ঞান মেলা

উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকে লখিমপুৰ বিভাগৰ বিভাগ নিৰীক্ষক ৰঞ্জিত শইকীয়া, বিভাগ সংযোজক প্ৰদীপ হাজৰিকা, বিজ্ঞান প্ৰমূখ ভবেন শৰ্মা, ভূপেন বৰা, শিক্ষক প্ৰাঞ্জল শইকীয়া আৰু বিপ্লৱ দাস ৷ বিজ্ঞান মেলা ব্যৱস্থা প্ৰমূখৰ দায়িত্বত থাকে নাওবৈচা নিকেতনৰ প্ৰধানাচাৰ্য ঘন নাথ ।

উল্লেখযোগ্য যে, এই জ্ঞান-বিজ্ঞান মেলাত শ্ৰেষ্ঠ আৰ্হি প্ৰদৰ্শন কৰা ছাত্ৰ ছাত্ৰীসকলে ছেপ্টেম্বৰ মাহত অনুষ্ঠিত হবলগীয়া প্ৰান্তীয় জ্ঞান-বিজ্ঞান মেলাত অংশ গ্ৰহণ কৰিব আৰু প্ৰান্তীয় জ্ঞান-বিজ্ঞান মেলাত শ্ৰেষ্ঠ আৰ্হি প্ৰদৰ্শনেৰে নিৰ্বাচিত হলে অক্টোবৰত ভূপালত হবলগীয়া ৰাষ্ট্ৰীয় জ্ঞান-বিজ্ঞান মেলাত অংশ গ্ৰহণৰ সুযোগ পাব বুলি উদ্যোক্তা সকলে জানিবলৈ দিছে ।

লগতে পঢ়ক: ধেমাজি আৰক্ষী থানা চৌহদত বাইকৰ মেলা

Last Updated : Aug 31, 2022, 2:29 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.