ETV Bharat / state

Scam in DAC : দেউৰী স্বায়ত্ব শাসিত পৰিষদৰ বিৰুদ্ধে দুৰ্নীতিৰ অভিযোগ - দেউৰী স্বায়িত্ব শাসিত পৰিষদৰ নিৰ্বাচন

দেউৰী স্বায়ত্ব শাসিত পৰিষদত ভুৱা আচঁনিৰে ধন আত্মসাৎৰ অভিযোগ(Scam in Deori autonomous council) ৷ আৰক্ষীয়ে ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগত উচ্চতম ন্যায়ালয়ত ৰাইজ ৷

scam in Deori autonomous council : corruption in the name of fake mission
Scam :দেউৰী স্বায়ত্ব শাসিত পৰিষদৰ বিৰুদ্ধে ৰাইজৰ অভিযোগ
author img

By

Published : Nov 29, 2021, 4:07 PM IST

বিহপুৰীয়া, 28 নৱেম্বৰ : দেউৰী স্বায়িত্ব শাসিত পৰিষদত সংঘটিত দুৰ্নীতি(Scam in Deori autonomous council)ৰ বিৰুদ্ধে এইবাৰ আইনৰ কাষ চাপিল দেউৰী ৰাইজ । দেউৰী স্বায়ত্ব শাসিত পৰিষদত ভুৱা আচঁনিৰে ধন আত্মসাৎ আৰু দুৰ্নীতিৰ বিৰুদ্ধে দীপেন দেউৰী নামৰ যুৱকজনে নাৰায়ণপুৰ থানাত পৰিষদখনৰ মুখ্য কাৰ্যবাহী সদস্য মাধৱ দেউৰী, উপমুখ্য কাৰ্যবাহী সদস্য ভাস্কৰ দেউৰী, অধ্যক্ষ বিষ্ণু কুমাৰ দেউৰী, উপাধ্যক্ষ অমৃত প্ৰভা দেউৰীকে ধৰি সাত গৰাকীৰ বিৰুদ্ধে তৰিছিল এটা গোচৰ ৷

গোচৰটোৰ ভিত্তিতে পৰিষদখনৰ মুখ্য কাৰ্যবাহী সদস্য মাধৱ দেউৰীকে ধৰি সাতগৰাকী লোক এতিয়া গ্ৰেপ্তাৰ হোৱাৰ সম্ভাৱনা বৃদ্ধি পাইছে ৷ অন্যহাতে নাৰায়ণপুৰ থানাত তৰা গোচৰটোৰ ক্ষেত্ৰত আৰক্ষীয়ে কোনো ব্যৱস্থা গ্ৰহণ নকৰাত যোৱা 16 নৱেম্বৰত দীপেন দেউৰীয়ে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ কাষ চাপিছিল(Allegation on police saying it didn't took action against scam) ৷

পৰৱৰ্তী সময়ত উচ্চ ন্যায়ালয়ে সাত ডিচেম্বৰৰ ভিতৰত নাৰায়ণপুৰ আৰক্ষীৰ পৰা বিচাৰিছে কেছ ডায়েৰী ৷ পৰিষদখনৰ অভিযুক্তসকলৰ দুনীতিৰ তথ্য প্ৰমান সহকাৰে উচ্চ ন্যায়ালয়ত দাখিল কৰাৰ পাছত গোচৰীয়া দীপেন দেউৰী আৰু গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিবক্তা ৰাজু দেউৰী নাৰায়ণপুৰ থানালৈ আহিছে আৰক্ষীক গোচৰৰ তথ্য প্ৰমান দিবলৈ ৷

Scam :দেউৰী স্বায়ত্ব শাসিত পৰিষদৰ বিৰুদ্ধে ৰাইজৰ অভিযোগ

নিজৰ দোষৰ পৰা পলাবলৈ পৰিষদৰ কেউগৰাকী সদস্যই আদালতৰ ওচৰত বিচাৰিছিল আগতীয়া জামিন কিন্তু আদালতে পৰিষদৰ সাতগৰাকীৰ বিৰুদ্ধে উত্থাপিত অভিযোগৰ তথ্য প্ৰমান পৰীক্ষা কৰি কেউজন অভিযুক্তৰ আগতীয়া জামিন নামাঞ্জুৰ কৰিছে ৷

সম্প্ৰতি, যি কোনো সময়ত গ্ৰেপ্তাৰ হোৱাৰ সম্ভাৱনা প্ৰকত হৈ পৰিছে পৰিষদখনৰ মুখ্য কাৰ্যবাহী সদস্য মাধৱ দেউৰী, অধ্যক্ষ বিষ্ণু কুমাৰ দেউৰীকে ধৰি সাতজন অভিযুক্তৰ ৷ সমাগত দেউৰী স্বায়িত্ব শাসিত পৰিষদৰ নিৰ্বাচনৰ(Upcoming election of Deori autonomous council ) প্ৰাকমূহুৰ্তত এনে ঘটনাই দেউৰী ৰাইজৰ মাজত কি দৰে প্ৰভাৱ বিস্তাৰ কৰে সেয়াও সময়ত লক্ষণীয় হ’ব ।

লগতে পঢ়ক : পানী যোগান আঁচনিৰ Solar plate চুৰিৰ সন্দৰ্ভত টুলুঙা মন্তব্য মন্ত্ৰীৰ

For All Latest Updates

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.