ETV Bharat / state

ৰাজ্যত ৮০ শতাংশ পথ দুৰ্ঘটনাই মটৰ চাইকেলৰ বাবে সংঘটিত হয়: শুক্লবৈদ্য

পথ দুৰ্ঘটনা ৰোধৰ হকে সজাগতা সৃষ্টিৰ উদেশ্যে পৰিবহণ আৰু আৱকাৰী বিভাগৰ মন্ত্ৰী পৰিমল শুক্লবৈদ্যই বাইক ৰেলীৰে বিভিন্ন জিলা ভ্ৰমণ কৰিছে । শনিবাৰে বিয়লি লখিমপুৰত উপস্থিত হৈ মন্ত্রী গৰাকীয়ে দুৰ্ঘটনাৰ কাৰক সমুহ বিশ্লেষণ কৰে ।

author img

By ETV Bharat Assamese Team

Published : Dec 2, 2023, 7:09 PM IST

Transport and Excise Minister Parimal Suklabaidya
পৰিবহণ আৰু আৱকাৰী বিভাগৰ মন্ত্ৰী পৰিমল শুক্লবৈদ্য

লখিমপুৰ, ২ ডিচেম্বৰ: ৰাজ্যত ৮০ শতাংশ পথ দুৰ্ঘটনাই মটৰ চাইকেলৰ বাবে সংঘটিত হয় । আজি লখিমপুৰত পথ দুৰ্ঘটনাৰ কাৰণ বিশ্লেষণ কৰি এইদৰে মন্তব্য় কৰে পৰিবহণ আৰু আৱকাৰী বিভাগৰ মন্ত্ৰী পৰিমল শুক্লবৈদ্যই । মদ্যপান, হেলমেট পৰিধান নকৰা, তীব্র গতি আৰু একাংশই স্টান্ট কৰাৰ বাবেই মূলতঃ এনে দুৰ্ঘটনা সমূহ ঘটিবলৈ পাইছে বুলি তেওঁ মন্তব্য় কৰে । মন্ত্ৰী পৰিমল শুক্লবৈদ্যই পুনৰ কয় যে বাহনৰ ক্ষেত্রতটো ছীট বেল্ট পৰিধান নকৰা আদি বিভিন্ন কাৰক আছে । বাহনৰ ক্ষেত্রত সুৰক্ষাৰ বাবে বিভিন্ন প্ৰযুক্তি সংলগ্ন কৰা হৈছে যদিও ছীট বেল্ট নলগালে তেনে সুৰক্ষা প্ৰযুক্তিয়ে কাম নকৰে । যাৰ বাবে আধুনিক সুৰক্ষা প্ৰযুক্তি সংলগ্ন হ'লেও দুৰ্ঘটনাগ্ৰস্ত হ'লে বাহনৰ আৰোহী চালকৰ মৃত্যুৰ সম্ভাবনা বৃদ্ধি পায় ।

শনিবাৰে লখিমপুৰত এনেদৰে পথ দুৰ্ঘটনাৰ কাৰক সমূহ বিশ্লেষণ কৰে মন্ত্রী পৰিমল শুক্লবৈদ্যই । পথ সুৰক্ষাৰ সজাগতাৰ হকে শনিবাৰে বিয়লি লখিমপুৰত বাইকেৰে আহি উপস্থিত হোৱা মন্ত্রী গৰাকীয়ে জিলা আয়ুক্তৰ কাৰ্যালয় চৌহদত এক সংবাদমেল সম্বোধন কৰি পথ দুৰ্ঘটনাৰ কাৰণ সমূহ বিশ্লেষণ কৰে । তেওঁ এনে কাৰ্যৰ পৰা চালক সকলক বিৰত থাকিবলৈ আহ্বান জনায় ।

শেহতীয়াকৈ হেডফোন লগাই যান-বাহন চলোৱা বা পথত খোজকাঢ়ি যোৱাৰ ফলতো পথ দুৰ্ঘটনা বৃদ্ধি পোৱা বুলি মন্ত্রী গৰাকীয়ে কয় । ইপিনে, ৰাজ্যৰ পৰিবহণ বিভাগটোৰ আন্তঃগাঁথনি উন্নয়ন কৰাৰ বাবে চৰকাৰে ব্যবস্থা গ্রহণ কৰাৰ কথা উল্লেখ কৰি তেওঁ অচিৰেই বিভাগটো ন-ৰূপত সজ্বিত হ'ব বুলি আশা প্ৰকাশ কৰে । তেওঁৰ কাৰ্যকালত বিভাগটো যথেষ্ট পৰিমাণে শক্তিশালী হোৱা বুলি উল্লেখ কৰি সন্তুষ্টি প্ৰকাশ কৰে ।

পূৰ্বৰ কৰ্মচাৰী সকলৰ একাংশৰ অনাদায় ধন আদায় দিয়াটো তেওঁ পদক্ষেপ লোৱা বুলি প্ৰকাশ কৰে । জিলাখনত তেওঁৰ এই পথ সজাগতামূলক বাইক ৰেলীত বিধায়ক মানৱ ডেকাই সংগ দিয়ে । উল্লেখ্য যে জিলা আয়ুক্তৰ কাৰ্যালয়ত তেওঁ বিভিন্ন বিভাগৰ মুৰব্বী বিষয়া সকলৰ সৈতে এক পৰ্যালোচনা সভাত অংশগ্রহণ কৰি ঢকুৱাখনালৈ বুলি ৰাওনা হয় ।

লগতে পঢ়ক:মুখ্যমন্ত্ৰী সদায় মুখ্যই; মন্ত্ৰী পৰিমল শুক্লবৈদ্য

For All Latest Updates

TAGGED:

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.