লখিমপুৰ,১৮ জানুৱাৰী : অসমৰ লখিমপুৰৰ পাভ সংৰক্ষিত বনাঞ্চলত গঁড়ৰ মুক্ত বিচৰণ (Rhino spotted at Pabha reserve forest)। গঁড়ৰ মুক্ত বিচৰণ দেখি আনন্দিত বন বিভাগ । পাভ সংৰক্ষিত বনাঞ্চলত উচ্ছেদৰ এসপ্তাহৰ পাছতে গঁড়ৰ মুক্ত বিচৰণে পৰ্যটন ক্ষেত্ৰলৈও আশাৰ ৰেঙনি কঢ়িয়াইছে ।
উল্লেখ্য যে যোৱা ১০ আৰু ১১ জানুৱাৰীত লখিমপুৰ জিলাৰ পাভ সংৰক্ষিত বনাঞ্চলত প্ৰশাসনে উচ্ছেদ অভিযান চলাইছিল । বনাঞ্চলখন বেদখলমুক্ত কৰাৰ বাবে প্ৰায় ৯০ শতাংশ এলেকাত উচ্ছেদ চলোৱা হৈছিল । উচ্ছেদৰ মাত্ৰ কেইটামান দিন পাছতে উচ্ছেদিত অঞ্চলত এশিঙীয়া গঁড় প্ৰত্যক্ষ কৰিছে বনকৰ্মীয়ে (Rhino at evicted area of Pabha reserve forest)। লখিমপুৰৰ বন সংমণ্ডল বিষয়া চমুকৈ ডিএফঅ' অশোক কুমাৰ দেৱ চৌধুৰীৰ মতে, প্ৰাপ্তবয়স্ক এটা গঁড়ক মঙলবাৰে সংৰক্ষিত বনাঞ্চলৰ উচ্ছেদিত গাঁওবোৰত বিচৰণ কৰা দেখিবলৈ পোৱা গৈছে ।
গাঁওবাসীয়ে উক্ত স্থানত তিনিটা গঁড় দেখা বুলি দাবী কৰিছে যদিও ডিএফঅ' অশোক কুমাৰ দেৱ চৌধুৰীৰ মতে তাত এটাহে গঁড় আছিল । আনহাতে ডিএফঅ'গৰাকীয়ে সংবাদমাধ্যমক জনোৱা মতে সোমবাৰে তিনিজন লোকক আক্ৰমণ কৰা গঁড়ক ৰাইজে খেদিবলৈ চেষ্টা কৰিছে (Lakhimpur DFO)। চৌধুৰীয়ে লগতে কয় যে গঁড়টো সম্ভৱতঃ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰা ওলাই আহিছে । যদি ৰাইজে বন বিভাগক সহযোগ কৰে তেনেহ'লে বন বিভাগে গঁড়টো পুনৰ কাজিৰঙালৈ খেদি পঠিয়াব বুলিও তেওঁ উল্লেখ কৰে । একাংশ বিশেষজ্ঞই অৱশ্যে দাবী কৰা মতে অকলশৰীয়া গঁড়টোৱে সম্ভৱতঃ পথ হেৰুৱাই পাভ বনাঞ্চলৰ উচ্ছেদিত অঞ্চলত প্ৰৱেশ কৰিছে ।
উল্লেখ্য যে ১০ জানুৱাৰীৰ পৰা উচ্ছেদ অভিযানত প্ৰশাসনে বনাঞ্চলৰ প্ৰায় ৫০০ টা বেদখলকাৰী পৰিয়ালক উচ্ছেদ কৰিছিল (Eviction at Pabha reserve forest)। উচ্ছেদৰ পাছতে পাভ সংৰক্ষিত বনাঞ্চলত গঁড়ৰ বিচৰণক লৈ আনন্দ প্ৰকাশ কৰিছে অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই (Assam CM tweet over Rhino at Pabha forest)। মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে মাত্ৰ কেইদিনমান পূৰ্বে বেদখলৰ পৰা মুক্ত হোৱা ভূমিত জন্তুবোৰ দেখা পোৱা গৈছে ।
তেওঁ টুইটযোগে কয় যে পাভ বনাঞ্চলৰ উচ্ছেদিত অঞ্চলত গড়ঁ প্ৰৱেশ কৰাটো প্ৰকৃতিপ্ৰেমী লোকৰ বাবে এক আশ্চৰ্যকৰ খবৰ । ডিএফঅ'য়ে উল্লেখ কৰা মতে ১৯৪১ চনত মূল ৪৬ বৰ্গ কিলোমিটাৰ পাভ সংৰক্ষিত বনাঞ্চলৰ ভিতৰত, মাত্ৰ ০.৩২ বৰ্গ কিলোমিটাৰ মুক্ত আছিল আৰু বাকী অঞ্চলবোৰ বেদখল আছিল । যোৱা তিনি দশকত মুঠ ৭০১ টা পৰিয়ালে বনাঞ্চলৰ ভূমি বেদখল কৰিছিল বুলিও তেওঁ উল্লেখ কৰিছে (Encroachment at Pabha reserve forest)।
ডিএফঅ' চৌধুৰীয়ে কয় যে অসম চৰকাৰে ৪৫০ হেক্টৰ ভূমিত উচ্ছেদ চলাইছিল । য'ত মানুহে ঘৰ নিৰ্মাণ কৰিছিল । উক্ত স্থানৰ উপৰিও, বনাঞ্চলৰ এক বৃহৎ এলেকা বেদখল কৰি লোকসকলে কৃষি কৰ্ম কৰিছিল ।
জানিব পৰা মতে বনকৰ্মী হামিদুৰ ৰহমানে মঙলবাৰে পাভ বনাঞ্চলত প্ৰথমে গঁড়টো প্ৰত্যক্ষ কৰিছিল । তেওঁ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে পাভ বনাঞ্চল এসময়ত বনৰীয়া ম'হ, এশিঙীয়া গঁড়, নাহৰফুটুকীৰ বিচৰণস্থলী আছিল । বন্য জন্তুবোৰে কেতিয়াও তেওঁলোকৰ পথ আৰু পদচিহ্ন পাহৰি নাযায় । তেওঁলোকৰ বাসস্থান মুকলি হোৱা দেখি, বন্য জন্তুবোৰ পাভলৈ আহিবলৈ আৰম্ভ কৰিছে বুলি বনকৰ্মীগৰাকীয়ে উল্লেখ কৰে । এয়া এটা অতি ভাল লক্ষণ বুলিও বনকৰ্মী হামিদুৰ ৰহমানে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে ।
লগতে পঢ়ক :Arnamai Murder Case: আৰক্ষীক তীব্ৰ সমালোচনা প্ৰাক্তন আইজিপি ভায়লেট বৰুৱাৰ