ETV Bharat / state

মুছলমান সমাজত প্ৰচলিত একাংশ নীতিক গোড়ামি আখ্যা দিলে কোনে ? - islam community's misbelief

মুছলমান সমাজৰ একাংশ সংগঠনৰ মন্তব্য আৰু নীতিক গোড়ামী আখ্যা দি ইয়াৰ বিৰুদ্ধে ঠিয় দিছে এজন ইছলাম ধৰ্মী গৱেষকে । কেতবোৰ প্ৰচলিত নীতিৰ বিৰোধিতা কৰাৰ লগতে তিনিটাকৈ ইছলামীয় সংগঠনৰ বক্তব্যক প্ৰত্যাহ্বান জনাই তেওঁ প্ৰয়োজনত সংগঠন সমূহৰ দায়িত্বত থকা লোক সকলক যুক্তি তৰ্কত বহিবলৈ প্ৰত্যাহ্বান জনায় ।

researcher-challenging-islam-communitys-misbelief-on-issues
মুছলমান সমাজত প্ৰচলিত একাংশ নীতিক গোড়ামি আখ্যা দিলে কোনে ?
author img

By

Published : Aug 29, 2021, 7:23 PM IST

লখিমপুৰ, ২৫ আগষ্ট : তিনি ইছলামীয় সংগঠনে কৰা মন্তব্যৰ বিৰুদ্ধে এইবাৰ সৰৱ হৈছে অল আজহাৰ বিশ্ব বিদ্যালয়ৰ এজন গৱেষক ৷ উলেমা ফাউণ্ডেচন, জামাত ৰাজা মোস্তফা আৰু ৰাজা ফাউণ্ডেচনৰ মন্তব্যৰ বিৰুদ্ধে সংবাদ মেলত প্ৰত্যাহ্বান জনালে গৱেষক আহমেদ মোস্তফা কামাল আজহাৰীয়ে ৷ ইছলাম ধৰ্মালম্বী লোক সকলে জন্ম দিন পালন কৰা অথবা কেক খোৱাত বাধা আছে বুলি কৰা মন্তব্যৰ তেওঁ বিৰোধ কৰি কয় যে, ইছলাম ধৰ্মত তেনে কোনো নীতি-নিয়ম নাই ৷

একেদৰে ঘৰত নামাজ আদায় কৰাৰ পৰিৱৰ্তে মছজিদতেই নামাজ আদায় কৰিব লাগিব বুলি চলোৱা প্ৰচাৰৰো তেওঁ বিৰোধিতা কৰি কয় যে, তেনে কোনো নিয়ম নাই ইয়াৰ পৰিৱৰ্তে নামাজ যিকোনো ঠাইতে আদায় কৰিব পাৰি তাত কোনো বাধা নাই ৷ একেদৰে পুৰুষ সকলে দাড়ি ৰখাতো বাধ্যতামূলক বুলি কৰা মন্তব্যৰো তেওঁ বিৰোধ কৰি ইয়াক ভুল আখ্যা দিয়ে ৷

সমাজ ধ্বংসকাৰী মন্তব্য, ধৰ্মান্ধতা, অন্ধবিশ্বাস আদিয়ে মুছলমান সমাজখনক পিছুৱাই নিয়া বুলি অভিযোগ তুলি ইয়াৰ নেপথ্যত একাংশ ইমাম, মৌলানা, আদিৰ অৰিহণা থকা বুলি তেওঁ মন্তব্য ব্যক্ত কৰে ।

লখিমপুৰত, বুধবাৰে আয়োজিত এক সংবাদ মেলত গৱেষক ইছলামী পণ্ডিত জনে ভুৱা প্ৰচাৰ, অন্ধবিশ্বাস বিয়পাই দি সমাজ খনক পিছুৱাই নিয়া এনে তথাকথিত পণ্ডিত সকলক প্ৰত্যাহ্বান জনায় । অন্ধবিশ্বাস, ধৰ্মান্ধতা বিয়পাই দি ইছলাম সমাজ খনক পিছুৱাই নাৰাখিবলৈও তেওঁ সকলোকে আহ্বান জনায় । প্ৰয়োজনত তেওঁ ইছলাম সমাজত অপব্যাখ্যা বিয়পাই থকা সকলক তেওঁৰ সৈতে যুক্তিতৰ্কত বহিবলৈ প্ৰত্যাহ্বান জনায় ৷

লগতে পঢ়ক : আৰ্থিক দৈন্যতাই কন্দুৱাইছে ৰিল লাইফৰ ‘চুৰেণ’ক...

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.