বিহপুৰীয়া,8মে': গোগামুখত সংঘটিত কিশোৰী ধৰ্ষণৰ ঘটনাৰ চাঞ্চল্য মাৰ নৌযাওঁতেই এইবাৰ লখিমপুৰৰ ধলপুৰত সংঘটিত হৈছে আন এটা জঘন্য ঘটনা ৷ কামনাৰ বলি হ'ল ধলপুৰৰ এগৰাকী 19বছৰীয়া যুৱতী ৷ আত্মীয়ৰ বিবাহ অনুষ্ঠানলৈ গৈ ধৰ্ষণৰ বলি হ’ল যুৱতীগৰাকী ৷
জানিব পৰা মতে, যোৱা সোমবাৰে ঘৰৰ কাষৰে পেহীয়েকৰ ঘৰত অনুষ্ঠিত বিবাহ অনুষ্ঠানলৈ গৈছিল যুৱতীগৰাকী ৷ কিন্তু বিবাহ অনুষ্ঠানত বাজি থকা সংগীতৰ উচ্চ শব্দ আৰু কোনো নথকাৰ সুযোগ গ্ৰহণ কৰি চুবুৰীয়া ভাৰত ৰবি দাস নামৰ যুৱকজনে মুখত সোপা দি যুৱতীগৰাকীৰ ওপৰত চলায় যৌন আতিশায্য ৷ আনকি হাতত কটাৰী লৈ ধৰ্ষণকাৰী ভাৰত ৰবি দাসে যুৱতীগৰাকীক মৃত্যুৰ ভয় দেখুৱাই এই সমগ্ৰ ঘটনাৰ বিষয়ে কাকো নক'বলৈ ভাবুকি দিয়ে ৷ যাৰ পৰিপ্ৰেক্ষিতত দুৰ্ভগীয়া যুৱতীগৰাকীয়েও প্ৰাণৰ তাগিদাত কোনো লোককে এই ঘটনাৰ বিষয়ে অৱগত কৰা নাছিল ৷
কিন্তু নিৰ্যাতিতা যুৱতীগৰাকীয়ে শুকুৰবাৰে ঘৰলৈ উভতি আহিয়েই পৰিয়ালৰ লোকক সমস্ত ঘটনা অৱগত কৰে ৷ ইয়াৰ পিচতে আৰক্ষীৰ কাষ চাপে পৰিয়ালসহ দুৰ্ভগীয়া যুৱতীগৰাকী ৷ ঘটনা সন্দৰ্ভত গোচৰ ৰুজু কৰি ইতিমধ্যে ধৰ্ষণকাৰী ভাৰত ৰবি দাসক আটক কৰে ধলপুৰ আ্ৰৰক্ষীয়ে ৷ ইপিনে, এই ঘটনাৰ পিছতে অঞ্চলজুৰি সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ ৷ ধৰ্ষণকাৰীক কঠোৰ শাস্তি দিবলৈ আহ্বান জনাইছে স্থানীয় ৰাইজে ৷