ETV Bharat / state

ৰঙানদীৰ বান্ধে বিপদ মাতিব লখিমপুৰ চহৰলৈ.. - 44.48 লাখ টকা

খহনীয়া ৰোধৰ বাবে ৰঙানদীৰ বুকুত বান্ধ নিৰ্মাণ কৰা কাৰ্যই বাৰিষা নিঃশেষ কৰিব পাৰে লখিমপুৰৰ এটা অংশ ৷ বৈজ্ঞানিক পদ্ধতি অৱলম্বন নকৰাকৈ নদীৰ বুকুত ভেটা নিদিবলৈ অনুৰোধ জনাইছে নৈ পৰীয়া ৰাইজে ৷ নিৰ্মাণ কাৰ্য বন্ধ কৰিবলৈ প্ৰশাসনলৈ আহ্বান ৰাইজৰ ৷

Ranganadi Dam, dyke and flood
ৰঙা নদীৰ বান্ধে বাৰিষা নিঃশেষ কৰিব লখিমপুৰৰ এটা অংশ
author img

By

Published : May 13, 2020, 8:32 PM IST

লখিমপুৰ, 13 মে' : খহনীয়া ৰোধৰ বাবে লখিমপুৰ জিলাৰ ৰঙানদীৰ বুকুত বান্ধ নিৰ্মান কৰি বাৰিষা লখিমপুৰ নগৰ নিঃশেষ কৰাৰ পৰিকল্পনা কৰিছে এটা বিভাগে ৷

অভিযোগ অনুসৰি, ডিৰ্জু চাহ বাগিচাৰ খহনীয়া ৰোধৰ বাবে ৰঙানদী খান্দি নদীৰ বুকুত 44.48 লাখ টকাৰে MGNREGA আঁচনিৰে নিৰ্মাণ কৰিছে বৃহৎ বান্ধ । ৰঙানদীৰ গতিপথ সলনি কৰি ডিৰ্জু চাহ বাগিচাৰ খহনীয়া ৰোধৰ বাবে লখিমপুৰ জিলা প্ৰশাসন তথা নাওবৈচা বিধানসভাৰ ডিৰ্জু পঞ্চায়তৰ এই কৰ্মত এতিয়া চিন্তিত হৈ পৰিছে নৈ পৰিয়া একাংশ লোক ৷ কাৰণ প্ৰাকৃতিক ভাবে বৈ অহা ৰঙানদীৰ বুকুত দিয়া বান্ধে ডিৰ্জু চাহ বাগিচাক সুৰক্ষা দিয়াৰ বিপৰীতে নিঃশেষ কৰিব লখিমপুৰ নগৰৰ এটা অংশক । এই বান্ধৰ ফলত বাৰিষা ঘৰ-মাটি হেৰুৱাব পাৰে হাজাৰ হাজাৰ লোক ৷

ৰঙা নদীৰ বান্ধে বাৰিষা নিঃশেষ কৰিব লখিমপুৰৰ এটা অংশ

স্থানীয় লোকৰ মন্তব্য অনুসৰি, পাহাৰৰ পৰা বৈ অহা ৰঙানদীক বলপূৰ্বক ভাবে গতি সলনি কৰিলে ৰঙানদীয়ে বাৰিষা ল'ব পাৰে ভয়ংকৰ ৰূপ ৷ যাৰবাবে সময় থাকোতেই নদীৰ বুকুত বান্ধ নিৰ্মাণ কাৰ্য বন্ধ কৰিবলৈ লখিমপুৰ জিলা প্ৰশাসনক দাবী তুলিছে দল সংগঠন তথা স্থানীয় নৈ-পৰীয়া ৰাইজে ।

নদীৰ বুকুত বান্ধ নিৰ্মাণ কৰি গতিপথ সলনি কৰাৰ বৃথা চেষ্টা কৰাৰ বিপৰীতে বৈজ্ঞানিক ভাবে খহনীয়া ৰোধৰ কাম হাতত ল'বলৈ আহ্বান জনাইছে ৰাইজে ।

লগতে পঢ়ক : কদৰ্যময় পৰিৱেশত বিশ্বনাথৰ এটা ব্যস্ত অঞ্চল

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.