ETV Bharat / state

2021ৰ নিৰ্বাচনৰ বাবে সাজু ন কংগ্ৰেছী ৰামপ্ৰসাদ শৰ্মা - লখিমপুৰ

দলে যি সমষ্টিতেই টিকট দিয়ে,সেই সমষ্টিৰ পৰাই কংগ্ৰেছৰ হৈ নিৰ্বাচন খেলিবলৈ সাজু তেজপুৰৰ প্ৰাক্তন সাংসদ ৰামপ্ৰসাদ শৰ্মা ৷

Ram Prasad Sarmah Prepear For 2021 Election
2021ৰ নিৰ্বাচনৰ বাবে সাজু কংগ্ৰেছী ৰামপ্ৰসাদ শৰ্মা
author img

By

Published : Jun 19, 2020, 7:49 PM IST

লখিমপুৰ, 19 জুন : 2021ৰ নিৰ্বাচনৰ বাবে সাজু কংগ্ৰেছী ৰামপ্ৰসাদ শৰ্মা ৷ দলে যি সমষ্টিতেই টিকট দিয়ে,কংগ্ৰেছৰ পৰা নিৰ্বাচন খেলিবলৈ সাজু তেজপুৰৰ প্ৰাক্তন সাংসদ ৰামপ্ৰসাদ শৰ্মা ৷ লখিমপুৰৰ নাৰায়ণপুৰত ৰাজীৱ ভৱনত অনুষ্ঠিত শ্বহীদৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত অংশ লৈ এই মন্তব্য প্ৰদান কৰে প্ৰাক্তন সাংসদগৰাকীয়ে ৷ কেন্সাৰ বেমাৰৰ বিধানেৰেও দলীয় নেতা কৰ্মীক নীতি শিক্ষা দিলে প্ৰাক্তন বিজেপি আৰ পি শৰ্মাই । পূৰ্বতে দৈনিক 60 টা চিগাৰেট খালেও একো নহয় বুলি ৰাজহুৱাকৈ কোৱা নেতাগৰাকীয়ে এইবাৰ দৈনিক 10/15 খন তামোল আৰু ধপাত সেৱন কৰিলে কেঞ্চাৰ হ'ব বুলি কৈ নিজকে ভুক্তভোগী সজাই কিডনী সংৰোপন কৰিব লগা হ'ল বুলি আজি উপমা দিয়ে ৷

2021ৰ নিৰ্বাচনৰ বাবে সাজু কংগ্ৰেছী ৰামপ্ৰসাদ শৰ্মা

দলৰ নীতি আদৰ্শ মনি চলা তেজপুৰ লোকসভা সমষ্টিৰ প্ৰাক্তন সাংসদগৰাকীয়ে বিজেপিৰ পৰা আহি বৰ্তমান কংগ্ৰেছ দলৰ মাজতো কোনো পাৰ্থক্য বিচাৰি পোৱা নাই । সাংসদৰ টিকট নাপাই কংগ্ৰেছত যোগদান কৰা প্ৰাক্তন বিজেপিৰ সাংসদ গৰাকীয়ে পুনৰ কংগ্ৰেছ দলৰ পৰা টিকট লৈ 2021 ত নিৰ্বাচন খেলাৰ মন মেলিছে । নাৰায়ণপুৰৰ ৰাজীৱ ভৱনত লাডাখত শ্বহীদ হোৱা 20 গৰাকী শ্বহীদলৈ শ্ৰদ্ধাঞ্জলি জনোৱা অনুষ্ঠানত বিহপুৰীয়াৰ প্ৰাক্তন বিধায়ক তথা নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ সাধাৰণ সম্পাদক ভুপেন কুমাৰ বৰাৰ সৈতে দলীয় কৰ্মীৰ লগত মত বিনিময় কৰি আগন্তুক 2021ৰ নিৰ্বাচনী ৰণকৌশল আৰম্ভ কৰে কংগ্ৰেছ দলে ।

লগতে পঢ়ক : 2021ত বিজেপিক পৰাভূত কৰাৰ ৰণকৌশল ৰচিছে তৰুণ গগৈয়ে

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.