লখিমপুৰ, 13 অক্টোবৰ : অৱশেষত উত্তৰ অসমবাসীৰ সকলো প্ৰতীক্ষাৰ অন্ত পেলাই চলিল ৰাজধানী এক্সপ্ৰেছ ৷ ইতিহাস সৃষ্টি কৰি ডিব্ৰুগড়ৰ পৰা পোন প্ৰথমবাৰৰ বাবে বগীবিল দলঙৰ ওপৰেৰে উত্তৰ পাৰৰ লখিমপুৰ,ধেমাজি হৈ নতুন দিল্লীলৈ যাত্ৰা আৰম্ভ কৰিলে এখন দ্বি-সাপ্তাহিক ৰাজধানী এক্সপ্ৰেছে ।
ইতিহাসৰ পাতত লিপিবদ্ধ হ'ল 12 অক্টোবৰৰ মাজনিশা ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰেদি ৰাজধানী এক্সপ্ৰেছ চলাচলৰ শুভ দিনটো । লগতে সপোন বাস্তৱত পৰিণত হ'ল উত্তৰ অসমবাসীৰ ।
![ৰাজধানী এক্সপ্ৰেছ](https://etvbharatimages.akamaized.net/etvbharat/prod-images/9159665_3.jpg)
উল্লেখ্য যে, প্ৰতি সোমবাৰ আৰু শুকুৰবাৰে ডিব্ৰুগড়ৰ পৰা নিশা 10 বজাত যাত্ৰা আৰম্ভ কৰিবলগীয়া ৰেলখনে মুঠ 23 টা ষ্টপেজত ৰৈ 2,276 কিলোমিটাৰ পথ অতিক্ৰমি প্ৰায় 40 ঘণ্টাৰ মূৰত উপস্থিত হ'বগৈ নতুন দিল্লী ৰে'ল ষ্টেচনত ।
![ৰাজধানী এক্সপ্ৰেছ](https://etvbharatimages.akamaized.net/etvbharat/prod-images/9159665_2.jpg)
লগতে পঢ়ক : মহানগৰীত কিশোৰী ধৰ্ষণ : আৰক্ষীৰ জালত অভিযুক্ত