নাৰায়নপুৰ, ২০ জুন: শুকুৰবাৰে নাৰায়ণপুৰস্থিত ৰাজীৱ ভৱনত অনুষ্ঠিত হোৱা এক শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত অংশ গ্ৰহণ কৰিছিল প্ৰাক্তন সাংসদ তথা বৰ্তমানৰ কংগ্ৰেছী নেতা আৰ পি শৰ্মাই । নিজকে দলৰ নীতি আদৰ্শ মানি চলা মানুহ বুলি দাবী কৰি আৰ পি শৰ্মা আগন্তুক নিৰ্বাচনত কংগ্ৰেছ দলে ডিজিটেলাইজ হৈ নিৰ্বাচন খেলিব বুলি ব্যক্ত কৰিলে ।
পিছে নীতি আদৰ্শৰ কথা কোৱা এইগৰাকী নেতাই বিজেপি দলৰ পৰা সাংসদৰ নিৰ্বাচনী টিকট নাপাই কংগ্ৰেছত যোগদান কৰি কংগ্ৰেছ দলৰ পৰা টিকট লৈ ২০২১ ত নিৰ্বাচন খেলাৰ মন মেলিছে । নাৰায়ণপুৰৰ ৰাজীৱ ভৱনত শেহতীয়াকৈ লাডাখত দেশৰ বাবে শ্বহীদ হোৱা ২০ গৰাকী অমৰ জোৱানক শ্ৰদ্ধাঞ্জলি জনাবৰ বাবে আয়োজন কৰা অনুষ্ঠানটোৰ কাৰ্যসূচীৰ অন্তত বিহপুৰীয়াৰ প্ৰাক্তন বিধায়ক তথা নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ সাধাৰণ সম্পাদক ভুপেন কুমাৰ বৰাৰ লগতে উপস্থিত দলীয় কৰ্মীৰ লগতো মত বিনিময় কৰে ।
কংগ্ৰেছী কৰ্মীৰে হোৱা মত বিনিময়ৰ মাজতে কেন্সাৰ ৰোগৰ বিধানেৰে এইবাৰ দলীয় নেতা কৰ্মীক নীতি শিক্ষা দিলে আৰ পি শৰ্মাই । পূৰ্বতে দৈনিক ৬০ টাকৈ চিগাৰেট খালেও একো নহয় বুলি ৰাজহুৱাকৈ কোৱা নেতা গৰাকীয়ে এইবাৰ দৈনিক ১০/ ১৫ খন তামোল আৰু ধপাত সেৱন কৰিলেই কেঞ্চাৰ ৰোগ হব পাৰে বুলি কলে প্ৰাক্তন সাংসদ গৰাকীয়ে । নিজকে এজন ভুক্তভোগী বুলি কৈ ইয়াৰ গ্ৰাসৰ পৰা নিজক বচাবলৈ কিডনী সংৰোপন কৰিব লগা হ'ল বুলি অনুশোচনা কৰিলে আৰ পি শৰ্মাই ।
লগতে চাওকঃ বানৰ পৰা কাজিৰঙাক ৰক্ষাৰ আহ্বান নগাঁও ছাত্ৰ সন্থাৰ