ETV Bharat / state

Protest in Lakhimpur : হত্যাকাৰীৰ ফাঁচীৰ দাবীত লখিমপুৰত ৰাইজৰ প্ৰতিবাদ - কলেজীয়া ছাত্ৰৰ মৃত্যু

শুকুৰবাৰে লখিমপুৰ নগৰ এলেকাৰ কাষতে থকা চাপৰি গাঁৱত স্থানীয় ৰাইজে সাব্যস্ত কৰিলে প্ৰতিবাদ ৷ বুধবাৰে নিশা এজন কিশোৰক ড্ৰাগছ বেপাৰীয়ে নৃসংশভাৱে হত্যা কৰে ৷ হত্যাকাৰীৰ ফাঁচীৰ দিয়াৰ দাবীত স্থানীয় ৰাইজ ৰাজপথলৈ ওলাই আহি সাব্যস্ত কৰে প্ৰতিবাদ ।

Public protest in Lakhimpur for demanding execution of killer
প্ৰতিবাদত উত্তাল হ’ল লখিমপুৰ চহৰ
author img

By ETV Bharat Assamese Team

Published : Oct 7, 2023, 9:16 AM IST

প্ৰতিবাদত উত্তাল হ’ল লখিমপুৰ চহৰ

লখিমপুৰ 7 অক্টোবৰ : প্ৰতিবাদত উত্তাল হ’ল লখিমপুৰ চহৰ ৷ লখিমপুৰৰ চাপৰি গাঁৱত শুকুৰবাৰে বিয়লি ভাগত তাবিদ হুছেইন চৌধুৰীৰ হত্যাকাৰীক ফাঁচী দিয়াৰ দাবীত ৰাজপথলৈ ওলাই আহিল বহু ৰাইজ ৷ উল্লেখ্য যে, লখিমপুৰৰ নগৰৰ কাষতে থকা চাপৰি গাঁৱত বুধবাৰে নিশা ড্ৰাগছৰ ব্যৱসায়ীয়ে তাবিদ হুছেইন চৌধুৰী নামৰ এজন কলেজীয়া ছাত্ৰক হত্যা কৰিছিল ৷ তাৰ পাচৰে পৰা সমগ্ৰ অঞ্চলটোত এক উত্তেজনাময় পৰিৱেশে বিৰাজ কৰা পৰিলক্ষিত হয় ৷

স্থানীয় ৰাইজৰ দাবী, উক্ত হত্যাকাণ্ডৰ লগত জড়িত আটাইকেইটা অপৰাধীকে গ্ৰেপ্তাৰ কৰি ফাঁচী দিয়াৰ ব্যৱস্থা কৰক অসম আৰক্ষীয়ে ৷ শুকুৰবাৰে চাপৰি গাঁৱত ৰূপায়ণ কৰা এই প্ৰতিবাদস্থলীৰ পৰাই আৰক্ষীৰ অধীক্ষকগৰাকীক এই ঘটনাৰ উচিত তদন্ত কৰাৰ লগতে হস্তক্ষেপ কৰাৰো দাবী উত্থাপন কৰে প্ৰতিবাদকাৰীসকলে ৷ ইয়াৰোপৰি তৎকালে অঞ্চলটোত চলি থকা ড্ৰাগছ-মদ-ভাঙৰ ঘাটিসমূহ উচ্ছেদ কৰিবলৈয়ো দাবী জনায় প্ৰতিবাদী ৰাইজে ৷

উল্লেখ্য যে, বুধবাৰে নিশা উক্ত এলেকাত তাবিদ হুচেইন চৌধুৰী নামৰ এজন কলেজীয়া ছাত্ৰৰ মৃত্যু ঘটিছিল ড্ৰাগছ বেপাৰীৰ হাতত । ড্ৰাগছ বেপাৰীক বাধা দিয়াৰ বাবেই যুবকজনক মৰিয়াই মৰিয়াই হত্যা কৰি পেলাই থৈছিল কাষৰীয়া সোমদিৰী নদীত । ড্ৰাগছ সৰবৰাহকাৰীক বাধা দিয়াৰ বাবেই এই মৰ্মান্তিক ঘটনা সংঘটিত হোৱা বুলি অভিযোগ উছিছে ।

বৃহস্পতিবাৰৰ দিনটোত আৰক্ষীয়ে ৰহমান আলী ওৰফে পেটুৱা, আব্দুল বাতেন শ্বেখ আৰু আকবৰ খানক আটক কৰিছিল যদিও উক্ত হত্যাকাণ্ডত অভিযুক্ত আন দুজনক আৰক্ষীয়ে আজিও গ্ৰেপ্তাৰ কৰিব পৰা নাই । সেয়ে শুকুৰবাৰে বিয়লি স্থানীয় পুৰুষ-মহিলাসকলে ৰাজপথলৈ ওলাই আহি সাব্যস্ত কৰে প্ৰতিবাদ ।

লগতে প্ৰতিবাদী ৰাইজে আনন্দ মিশ্ৰ বাহিনীক তৎকালীনভাৱে অঞ্চলজুৰি চলি থকা অবৈধ কাৰবাৰসমূহ বন্ধ কৰিবলৈ দাবী জনায় ।

লগতে পঢ়ক : Ek Asom Yatra; বিজেপিৰ বিৰুদ্ধে লোকসভাত বিৰোধী উমৈহতীয়া প্ৰাৰ্থী দিলে ভাল ফলাফল আহিব: লুৰীণজ্যোতি গগৈ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.