ETV Bharat / state

গাঁঠিৰ ধন ভাঙি ৰাইজে সাজি উলিয়ালে ৩২০ ফুট দৈৰ্ঘ্যৰ দলং

author img

By

Published : Jun 16, 2022, 3:29 PM IST

নাওবৈচাত ৩২০ ফুট দৈৰ্ঘ্য এখন বাঁহৰ দলং সাজি উলিয়ালে কেইবাখনো গাঁৱৰ ৰাইজে (Public build a bridge at Naoboicha) ৷ ৰাইজৰ দান-বৰঙণিৰে নিৰ্মাণ কৰা বাঁহৰ দলং উদ্ধোধন ৷

public-build-a-bridge-at-naoboicha
গাঁঠিৰ ধন ভাঙি ৰাইজে সাজি উলিয়ালে ৩২০ ফুট দৈৰ্ঘ্যৰ দলং

নাওবৈচা, 15 জুন : লখিমপুৰ জিলাৰ নাওবৈচা উন্নয়ন খণ্ডৰ অধীনস্থ মধ্য নাওবৈচাৰ গাঁও পঞ্চায়তৰ কেইবাখনো গাঁৱৰ ৰাইজে দান-বৰঙণি আৰু শ্ৰম দানেৰে এমাহজোৰা প্ৰচেষ্টাৰ অন্তন খৰস্ৰোতা শিঙৰা নৈৰ ওপৰত সাজি উলিওৱা ৩২০ ফুট দৈর্ঘ্যৰ বাঁহৰ দলঙখনৰ উদ্বোধন কৰিবলৈ আহিল জনপ্ৰতিনিধি (Public build a bridge at Naoboicha) ।

উল্লেখযোগ্য যে ৰজাঘৰীয়াৰ হেমাহি আৰু উন্নয়নৰ ছাঁ নপৰা মধ্য নাওবৈচাৰ গাঁও পঞ্চায়তৰ অধীনস্থ ৰৌদোং বৰপথাৰ তথা বিএমপি পঞ্চায়তৰ বৰচলাকে ধৰি কেইবাখনো গাঁৱৰ ৰাইজে স্বাধীনতাৰ সুদীৰ্ঘ ৭৫ বছৰ পাৰ হৈ যোৱাৰ পিচতো যাতায়তৰ ক্ষেত্ৰত চৰম দুৰ্ভোগ ভূগি আহিছিল । পঞ্চায়ত দুখনৰ কেইবাখনো গাঁৱৰ ৰাইজে বাৰিষা কালত এবুকু আৰু খৰালিত এঁকাঠু পানীত নামি শিঙৰা নদীৰে অহা যোৱা কৰিবলগীয়া হৈছিল ।

শিঙৰা নদীৰ ওপৰত দ্বিতীয়খন পকী দলং নিৰ্মাণ কৰিবলৈ চৰকাৰ তথা জনপ্ৰতিনিধিক বাৰম্বাৰ অনুৰোধ কৰিছিল যদিও আজি পৰ্যন্ত কোনো সুফল লাভ নকৰিলে ৰাইজে । সেয়ে উপায়ন্তৰ হৈ পঞ্চায়ত দুখনৰ কেইবাখনো গাঁৱৰ ৰাইজৰ সামূহিক প্ৰচেষ্টাত দান বৰঙণি তুলি শিঙৰা নদীৰ ওপৰত যাতায়ত কৰিবৰ বাবে এখন ৩২০ ফুট দৈর্ঘ্য বাঁহৰ দলং এমাহৰ অন্তত সাজি উলিয়ায় ।

লগতে পঢ়ক : বুঢ়াদিয়া নৈৰ বাঢ়নী পানীয়ে ছিঙিলে বিহামপুৰ-মধুপুৰ সংযোগী মূল পথ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.