নাওবৈচা, ১৪ জুন : বৰ্তমান আধুনিক সমাজত পৰিৱেশ প্ৰদূষণে এক ভয়াবহ সমস্যা হিচাপে পৰিগণিত হৈছে (Environmental pollution is a terrible problem) ৷ ইয়াৰ মাজতে আকৌ একাংশ ব্যক্তিগত কোম্পানীয়ে এই প্ৰদূষণৰ মাত্ৰা বৃদ্ধি কৰাত দিছে উদঙনি ৷ যাৰ বিৰুদ্ধে এইবাৰ প্ৰতিবাদত নামিল নাওবৈচাৰ বৃহত্তৰ ডিজু অঞ্চলৰ স্থানীয় ৰাইজৰ লগতে অঞ্চলটোৰ শিক্ষাৰ্থীসকল (Public and students Protest against private companies at Dejoo) ৷
স্থানীয় ৰাইজে অভিযোগ কৰা অনুসৰি, ডিজুৰ জনাঞ্চজলত জধেমধে অবৈধ ক্ৰেচাৰ মিল আৰু বিটুমিন প্লাণ্ট স্থাপন কৰা ফলত অঞ্চলটোৰ জনজীৱন তথা প্ৰাকৃতিক ভাৰসাম্যলৈ তীব্ৰ ভাবুকি কঢ়িয়াই আনিছে । কিয়নো মেচাৰ্চ শিৱম ট্ৰাছকণ প্ৰাইভেট লিমিটেড নামত এটা বহুজাতিক কোম্পানীয়ে ডিজুত শিল ভঙা ক্ৰেছাৰ মেচিন, বিটুমিন প্লাণ্ট আৰু শিল বালি স্কেনাৰৰ এক বৃহৎ প্ৰকল্প স্থাপন কৰিছে ৷
যাৰ ফলত অঞ্চলটোত শব্দৰ লগতে বায়ু প্ৰদূষণৰ মাত্ৰা বৃদ্ধি (Air pollution levels rising) পাইছে ৷ আনকি বিভিন্ন সমস্যাৰ সন্মুখীন হ’ব লগাত পৰিছে অঞ্চলটোৰ ৰাইজে ৷ সংবাদ মাধ্যমৰ আগত এই অভিযোগ উত্থাপন কৰিছে অঞ্চলটোৰ স্থানীয় ৰাইজে ৷ স্থানীয় ৰাইজে উল্লেখ কৰা অনুসৰি, এই বৃহৎ প্ৰকল্পটোৰ মেচিনৰ পৰা দিনে নিশাই নিৰ্গত হয় ক'লা ধোঁৱা, ধূলি আৰু প্ৰচণ্ড শব্দ ৷
তাৰোপৰি ক্ৰেছাৰ আৰু বিটুমিন প্ৰকল্পটোলৈ দিনে নিশাই ট্ৰাক আৰু দাম্পাৰৰ সঘন অহা-যোৱা চলি থাকে ৷ যাৰ ফলত অঞ্চলটোৰ একমাত্ৰ যাতায়ত কৰা পথটো বিধ্বস্ত হৈ পৰিছে ৷ আনকি এই পথচোৱাত সৃষ্টি হৈছে প্ৰকাণ্ড পুখুৰী সদৃশ গাঁতৰ ৷ ফলত অঞ্চলটোৰ ৰাইজে অহা-যোৱা কৰাত বহু সমস্যাৰ সন্মুখীন হ’ব লগাত পৰিছে ৷ এই অভিযোগ অঞ্চলটোৰ ৰাইজৰ ৷
উল্লেখ্য যে, ২০১৯ চনত প্ৰদূষণ নিয়ন্ত্ৰণ মনিটৰিং কমিটিয়ে মিলটো বন্ধ কৰি দিছিল ৷ কিন্তু এই মিলটো পুনৰ আৰম্ভ কৰাক লৈয়ো এতিয়া সচেতন মহলৰ মাজত বিভিন্ন প্ৰশ্ন উত্থাপন হৈছে ৷ যাৰ পৰিণতিত মঙলবাৰে প্ৰতিকূল বতৰকো নেওচি স্থানীয় ৰাইজ তথা অঞ্চলটোৰ কেইবাখনো বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী প্ৰকল্পস্থলীত উপস্থিত হৈ কোম্পানীটোৰ বিৰুদ্ধে তথা ক্ৰেছাৰ মিল আৰু বিটুমিন প্লাণ্টটো বন্ধৰ দাবীৰে প্ৰতিবাদ সাব্যস্ত কৰে ।
আনকি জিলা প্ৰশাসন তথা বন বিভাগে এসপ্তাহৰ ভিতৰত এই প্ৰকল্পটো বন্ধ নকৰে, তেনেহ’লে ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধকে ধৰি জংগী আন্দোলন গঢ়ি তোলাৰো হুংকাৰ প্ৰদান কৰে ৷
লগতে পঢ়ক : শিৱসাগৰত আম আদমি পাৰ্টিৰ প্ৰতিবাদ: কেইবাটাও দাবী সম্বলিত পত্ৰ প্ৰেৰণ ৰাজ্যপাললৈ