লখিমপুৰ, ১৬ ফেব্ৰুৱাৰী: টিউটৰ অপযশ গুচাই শিক্ষকৰ মৰ্যাদা দিয়াৰ লগতে উপযুক্ত দৰমহা আদায় দিয়াৰ বাবে পুনৰ চৰকাৰক আহ্বান জনাইছে লখিমপুৰ জিলা প্ৰাদেশিকৃত মধ্য ইংৰাজী আৰু নিম্ন প্ৰাথমিক শিক্ষক (টিউটৰ) সংস্থাই (Tutor Teachers Association) ৷ বৃহস্পতিবাৰে লখিমপুৰত এখন সংবাদমেলৰ (Tutors pressmeet at Lakhimpur) আয়োজন কৰি সন্থাই শিক্ষকতাৰ দৰে পবিত্র বৃত্তিত নিয়োজিত হৈও টিউটৰ আখ্যা পোৱাত সমাজত লজ্জিত হোৱাৰ কথা ব্যক্ত কৰি টিউটৰ অপযশৰ পৰা তেওঁলোকক মুক্ত কৰি উপযুক্ত দৰমহা প্ৰদানৰ বাবে চৰকাৰৰ ওচৰত আহ্বান জনায় ৷
সন্থাৰ বিষয়ববীয়াসকলে সংবাদমেলত কয়, মাহে ৯ হেজাৰ টকা মজুৰিত জীৱন যাপন কৰাত চৰম দুৰ্ভোগ ভুগিবলগীয়া হৈছে । এজন শ্ৰমিকতকৈও কমকৈ দিনে ৩৬০ টকা মজুৰিত শিক্ষাদানত ব্ৰতী ৰাজ্যৰ ৯ হেজাৰ টিউটৰ আখ্যা পোৱা শিক্ষকৰ সমস্যাসমূহৰ প্ৰতি চৰকাৰে সহৃদয়তাৰে দৃষ্টি দিয়ক । তেওঁলোকে আৰু কয় যে, ২০২১ চনৰ ৫ ফেব্ৰুৱাৰীত গুৱাহাটীৰ সৰুসজাই ষ্টেডিয়ামত অসম চৰকাৰে পদ প্ৰাদেশিকীকৰণৰ নামত ভেঞ্চাৰ স্কুলৰ শিক্ষকক টিউটৰ সজাই ৩৬০ টকা মজুৰি দি প্ৰতাৰণা কৰি আহিছে । প্ৰায় ৩০-৩৫ বছৰৰ আগতে স্থাপিত হোৱা ৰাজ্যৰ ২,১০৭ খন মধ্য ইংৰাজী বিদ্যালয় আৰু ১,৬৯৮ খন প্ৰাথমিক বিদ্যালয়ক চৰকাৰ তথা বিভাগে ২০০৫ চনতে অনুমতি আৰু স্বীকৃতি প্ৰদান কৰিছিল ।
সন্থাৰ বিষয়ববীয়াসকলে লগতে কয় যে, পূৰ্বৰ নিয়ম অনুসৰি স্বীকৃতিপ্ৰাপ্ত সকলো বিদ্যালয় প্ৰাদেশিকীকৰণ হ’ব লাগে । কিন্ত চৰকাৰে তাকে নকৰি স্বীকৃতি পোৱাৰ ১৬ বছৰৰ পাছত প্ৰাদেশিকীকৰণৰ নামত এজন দিন-হাজিৰা কৰা লোকতকৈয়ো আধা মজুৰি দিয়াৰ উপৰি শিক্ষকসকলক টিউটৰ সজালে । আনহাতে প্ৰতিষ্ঠাপক বহু শিক্ষক টিউটৰ হোৱাৰ পৰাও চৰকাৰী নীতিয়ে বঞ্চিত কৰিলে । তদুপৰি টিউটৰ নিযুক্তি পোৱাৰ পাছত কাৰোবাৰ মৃত্যু হ’লে নাইবা অৱসৰ ল’লে, তেনে ব্যক্তিক দহ লাখ টকা গ্ৰেচুইটি প্ৰদান কৰা হ‘ব বুলি চৰকাৰে কৰা ঘোষণা আজিও কাৰ্যকৰী নহ’ল ।
সংবাদ মেলখনত তেওঁলোকে এনে বহু দুৰ্দশাৰ কথা উল্লেখ কৰি বিদ্যালয় পৰিচালনা সমিতিৰ দ্বাৰা হোৱা নিযুক্তি আৰু যোগদানৰ তাৰিখক মান্যতা দি টিউটৰসকলক শিক্ষকলৈ উন্নীত কৰাৰ বাবে চৰকাৰক আহ্বান জনায় । ইয়াৰোপৰি সমকৰ্মৰ সমমজুৰি দি শিক্ষকৰ প্ৰাপ্য সকলো সা-সুবিধা প্ৰদান কৰা, সকলো বিদ্যালয়ৰ ছাত্র-ছাত্রীক চৰকাৰে সমদৃষ্টিৰে চোৱা, চৰকাৰী সকলো সুবিধা প্রদান কৰা, চৰকাৰী ঘোষিত বিত্তীয় সাহাৰ্য্য প্ৰদান কৰা, বঞ্চিত শিক্ষক কৰ্মচাৰীসকলকো প্ৰাদেশিকীকৰণ কৰাৰ দাবী জনায় ৷
তেওঁলোকে লগতে চতুর্থ বৰ্গৰ কৰ্মচাৰীসকলকো অন্যান্য স্কুলৰ কৰ্মচাৰীৰ দৰে সা-সুবিধা প্ৰদান কৰাৰ বাবে চৰকাৰক দাবী জনায় । সংবাদমেলত জিলা প্ৰাদেশিকৃত মধ্য ইংৰাজী আৰু নিম্ন প্ৰাথমিক শিক্ষক (টিউটৰ) সংস্থাৰ লখিমপুৰ জিলা সমিতিৰ সভাপতি কুমুদ কাকতি, সম্পাদক জীৱন সৰকাৰ, উপ-সভাপতি জয় কুমাৰ সিং, কেন্দ্রীয় উপ সভাপতি দুষ্মন্ত কুম্বাং আৰু ৰীণা হাজৰিকাকে ধৰি ভালেখিনি শিক্ষক উপস্থিত থাকে ।
লগতে পঢ়ক: Tutors Protest in Barpeta: টিউটৰ পদৰ পৰা শিক্ষকলৈ উন্নীত কৰাৰ দাবীত শিক্ষকৰ প্ৰতিবাদ