ETV Bharat / state

বিধ্বস্ত ৰাষ্ট্ৰীয় ঘাইপথ মেৰামতিৰ দাবীত লখিমপুৰত প্ৰতিবাদ - লখিমপুৰত মৰণফান্দলৈ পৰিণত হৈছে 15 নং ৰাষ্ট্ৰীয় ঘাইপথ

লখিমপুৰত ক্ৰমাৎ মৰণফান্দলৈ পৰিণত হৈছে 15 নং ৰাষ্ট্ৰীয় ঘাইপথ ৷ পূৰ্বে স্থানীয় ৰাইজে কেইবাবাৰো বিভাগীয় কৰ্তৃপক্ষৰ লগতে ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণ তথা স্থানীয় প্ৰশাসনক এই বিষয়ে অৱগত কৰি পথটো মেৰামতিৰ দাবী জনায় ৷ অৱশেষত স্থানীয় ৰাইজৰ ধৈৰ্যৰ বান্ধ ছিঙি যোৱাত ৰাজপথলৈ আহি মঙলবাৰে সাব্যস্ত কৰে প্ৰতিবাদ(Demanding repair fifteen number national highway) ৷

protest-in-lakhimpur-demanding-repair-fifteen-number-national-highway
বিধ্বস্ত ৰাষ্ট্ৰীয় ঘাইপথ মেৰামতিৰ দাবীত লখিমপুৰত প্ৰতিবাদ
author img

By

Published : May 17, 2022, 5:55 PM IST

লখিমপুৰ, 17 মে’: গ্ৰামাঞ্চলৰ বিধ্বস্ত বাট-পথে জলা-কলা খুৱাই আহিছে পথচাৰীসকলক ৷ পিছে এইবাৰ গ্ৰামাঞ্চল নহয়, ৰাষ্ট্ৰীয় ঘাইপথ মেৰামতিৰ দাবীতহে ৰাজপথলৈ আহিল স্থানীয় ৰাইজ(Protest in Lakhimpur) ৷ লখিমপুৰত ক্ৰমাৎ মৰণফান্দলৈহে পৰিণত হৈছে 15 নং ৰাষ্ট্ৰীয় ঘাইপথ ৷

নগৰখনৰ সমীপতে লাগি থকা ৰাষ্ট্ৰীয় ঘাইপথটোৰ দুৰৱস্থাৰ ফলত প্ৰায়ে সংঘটিত হ’বলৈ ধৰিছে পথ দুৰ্ঘটনা ৷ পূৰ্বে স্থানীয় ৰাইজে কেইবাবাৰো বিভাগীয় কৰ্তৃপক্ষৰ লগতে ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণ তথা স্থানীয় প্ৰশাসনক এই বিষয়ে অৱগত কৰি অহা বুলি জানিব পৰা গৈছে ৷ কিন্তু ইয়াৰ পিছতো ঘাইপথ মেৰামতিৰ বাবে কোনো ধৰণৰ বিহীত ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে ৷

বিধ্বস্ত ৰাষ্ট্ৰীয় ঘাইপথ মেৰামতিৰ দাবীত লখিমপুৰত প্ৰতিবাদ

অৱশেষত স্থানীয় ৰাইজৰ ধৈৰ্যৰ বান্ধ ছিঙি যোৱাত ৰাজপথলৈ আহি মঙলবাৰে সাব্যস্ত কৰে প্ৰতিবাদ(Demanding repair fifteen number national highway) ৷ কদম তিনিআলিত স্থানীয় ৰাইজ একত্ৰিত হৈ ধৰ্মঘটৰ জৰিয়তে এই প্ৰতিবাদ সাব্যস্ত কৰে ৷ বিশেষকৈ চৰাইমৰীয়াৰ পৰা 14 মাইললৈ এই পথচোৱাত প্ৰায়ে দুৰ্ঘটনা সংঘটিত হৈ অহাৰ পৰিপ্ৰেক্ষিতত প্ৰতিবাদকাৰীসকলে মেৰামতি কৰিবলৈ দাবী উত্থাপন কৰে ৷

স্থানীয় ৰাইজক এই প্ৰতিবাদী কাৰ্যসূচীত সহযোগ কৰে কদম তিনিআলি যুৱ সমাজে ৷ বহু সময় ধৰি ঘাইপথটো অৱৰোধ কৰাৰ পিছত প্ৰতিবাদকাৰীসকলে চক্ৰ বিষয়াৰ জৰিয়তে মুখ্যমন্ত্ৰীলৈ পথ নিৰ্মাণৰ দাবীত প্ৰেৰণ কৰে এক স্মাৰকপত্ৰ ৷

লগতে চাওক: ডলু চাহ বাগিছাৰ উচ্ছেদক লৈ মৰাণৰ ৰাজপথত আছাৰ প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.