ETV Bharat / state

বিলকিছ বানুৰ ধৰ্ষণকাৰীক কাৰামুক্ত কৰাৰ বিৰুদ্ধে লখিমপুৰত উত্তাল প্ৰতিবাদ

author img

By

Published : Aug 22, 2022, 9:26 PM IST

২০০২ চনৰ বিলকিছ বানু ধৰ্ষণৰ গোচৰত দোষী সাব্যস্ত হোৱা ১১টা অভিযুক্তৰ ক্ষমাদানৰ নিৰ্দেশ ৰদ কৰাৰ দাবীত উত্তাল লখিমপুৰ (Bilkis Bano Gang Rape Case) ৷ ধৰ্ষণকাৰীকেইটাৰ শাস্তিৰ দাবীত লখিমপুৰত তিনি সংগঠনৰ প্ৰতিবাদ ৷ ১১ অভিযুক্তৰ ফাঁচীৰ দাবী জনায় প্ৰতিবাদকাৰীসকলে ।

Protest in Lakhimpur Demanding for Justice of bilkis bano
বিলকিছ বানুৰ ধৰ্ষণকাৰীক মুকলি কৰাৰ প্ৰতিবাদত উত্তাল লখিমপুৰ

লখিমপুৰ, ২২ আগষ্ট: ২০০২ চনৰ গোধৰা কাণ্ডৰ সময়ত সংঘটিত বিলকিছ বানুৰ ধৰ্ষণ আৰু 7 আত্মীয়ক হত্যাৰ গোচৰত দোষী সাব্যস্ত হোৱা ১১টা অভিযুক্তক চৰকাৰে ৰেহাই দিয়াৰ বিৰুদ্ধে সোমবাৰে উত্তাল হৈ পৰে লখিমপুৰ জিলা ৷ গুজৰাটৰ গণধৰ্ষণকাৰীকেইটাৰ শাস্তি বাহাল ৰখাৰ দাবীত লখিমপুৰত প্ৰতিবাদ সাব্যস্ত কৰে তিনিটাকৈ সংগঠনে । AIMSS, AIDSO আৰু AIDYO নামৰ সংগঠন তিনিটাই ধৰ্ষণকাৰীকেইটাক মুক্তি দিয়াৰ প্ৰতিবাদত উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত ধৰ্ণা দিয়ে (AIMS-AIDSO-AIDYO Protest at Lakhimpur) ।

প্ৰতিবাদকাৰীসকলে ধৰ্ষণকাৰীকেইটাক চৰকাৰে মোকোলাই দিয়াত তীব্ৰ ভাষাৰে সমালোচনা কৰে ৷ তেওঁলোকে ধৰ্ষণকাৰীকেইটাক মোকলাই দিয়াৰ লগতে ফুলৰ মালাৰে আদৰণি জনোৱা কাৰ্যক ধিক্কাৰ দিয়ে ৷ ইয়াৰ লগতে দোষীসকলক ফাঁচী দিয়াৰো দাবী জনায় প্ৰতিবাদকাৰীসকলে ।

উল্লেখ্য যে, বিলকিছ বানুৰ ধৰ্ষণ আৰু তেওঁৰ পৰিয়ালৰ 7 গৰাকী সদস্যক হত্যাৰ গোচৰত দোষী সাব্যস্ত হোৱা ১১টা অভিযুক্তক ৰেহাই দিয়াত এতিয়া দেশজুৰি তীব্ৰ আলোড়নৰ সৃষ্টি হৈছে ৷ অভিযুক্ত ১১টাক উচ্চতম ন্যায়ালয়ে দিয়া ক্ষমাদানৰ নিৰ্দেশ ৰদ কৰাৰ আহ্বান জনাই দেশৰ ঠায়ে ঠায়ে এতিয়া অব্যাহত আছে প্ৰতিবাদ ৷ অসমতো পৰিছে ইয়াৰ প্ৰভাৱ ৷ গুজৰাটৰ গণধৰ্ষণকাৰীকেইটাৰ শাস্তিৰ দাবীত ৰাজ্যৰ বিভিন্ন দল সংগঠনে অব্যাহত ৰাখিছে প্ৰতিবাদ ৷

২০০২ চনৰ ৩ মাৰ্চত গোধৰা কাণ্ডৰ(2002 Gujarat riots) সময়ত দাহোদ জিলাৰ লিমখেদা তালুকৰ ৰান্ধিকপুৰ গাঁৱত বিলকিছ বানুৰ পৰিয়ালৰ লোকৰ ওপৰত এক সম্প্ৰদায়ৰ লোকে আক্ৰমণ কৰি পৰিয়ালটোৰ 7 গৰাকী সদস্যক হত্যা কৰিছিল । সেই সময়ত দুৰ্বৃত্তই পাঁচমাহৰ অন্তঃসত্বা বিলকিছ বানুক দলবদ্ধভাৱে ধৰ্ষণ কৰিছিল ৷ ২০০৪ চনত এই গোচৰৰ অভিযুক্তক গ্ৰেপ্তাৰ কৰা হৈছিল আৰু ২০০৮ চনৰ ২১ জানুৱাৰীত মুম্বাইৰ চিবিআইৰ এখন বিশেষ আদালতে বিলকিছ বানু গোচৰৰ অভিযুক্ত ১১টাক যাৱজ্জীৱন কাৰাদণ্ডৰ শাস্তি দিয়ে । বোম্বে উচ্চ ন্যায়ালয়ে তেওঁলোকক দোষী সাব্যস্ত কৰে ।

লগতে পঢ়ক: স্বাধীনতা দিৱসত গুজৰাট চৰকাৰে মুক্তি দিলে বিলকিছ বানু ধৰ্ষণ গোচৰৰ 11 কাৰাবন্দীক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.