ETV Bharat / state

Protest in Lakhimpur : কিশোৰীক ধৰ্ষণৰ অভিযোগত উত্তাল লখিমপুৰ

author img

By

Published : Dec 26, 2022, 9:38 PM IST

ৰে’লৱে আৰক্ষীৰ কৰ্মীয়ে কিশোৰীক ধৰ্ষণ কৰাৰ অভিযোগ সোমবাৰে উত্তাল হ’ল লখিমপুৰ ৷ অভিযুক্ত ৰে’লৱে আৰক্ষী জোৱানজনক ফাঁচিৰ লগতে কিশোৰীগৰাকীৰ ভৱিষ্যতৰ নিৰাপত্তা সুনিশ্চিত কৰাৰ দাবী জনালে প্ৰতিবাদকাৰীসকলে ৷ মুখ্যমন্ত্ৰীলৈও দিয়া হ’ল স্মাৰকপত্ৰ (Protest in Lakhimpur)৷

RPF Jawan molests teen girl from Lakhimpur
ধৰ্ষণকাৰীক ফাঁচিৰ দাবীত লখিমপুৰত প্ৰতিবাদ

লখিমপুৰ, ২৬ ডিচেম্বৰ: লখিমপুৰৰ এগৰাকী আদিবাসী যুৱতী ওদালগুৰিলৈ ৰে’লেৰে ফুৰিবলৈ যোৱা অৱস্থাত ৰে’লৱে আৰক্ষীয়ে নিৰ্যাতন চলোৱাৰ অভিযোগ উত্থাপিত হৈছে (RPF Jawan molests teen girl from Lakhimpur)৷ উক্ত অভিযোগৰ ভিত্তিত সোমবাৰে কেইবাটাও আদিবাসী সংগঠনে লখিমপুৰত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে ৷ অভিযোগকাৰী ভুক্তভোগী যুৱতীগৰাকীক ন্যায় প্ৰদানৰ লগতে দোষীক ফাঁচি দিয়াৰ দাবীত লখিমপুৰ জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত ধৰ্ণা দিয়ে আদিবাসী সংগঠনকেইটাৰ কৰ্মীসকলে (Protest in Lakhimpur)৷

সদৌ অসম আদিবাসী ছাত্ৰসন্থাই সোমবাৰে উত্তাল কৰি তুলিলে লখিমপুৰ জিলাৰ উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখ ৷ উক্ত প্ৰতিবাদত সহযোগ কৰে আদিবাসী মহিলা সমিতি, সদৌ অসম গড়ৱান ছাত্ৰ সন্থা, মৰীয়া যুৱ ছাত্ৰ সন্থা, চাহ জনজাতি মহিলা সমিতি আদিয়ে ৷ এগৰাকী 16 বছৰীয়া কিশোৰীক ৰঙাপাৰা ৰে'লৱে ষ্টেচনত ৰে'লৱে আৰক্ষীত কৰ্মৰত হীৰেন গগৈ নামৰ লোকজনে ধৰ্ষণ কৰাৰ অভিযোগৰ ভিত্তিত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হয় ৷

প্ৰতিবাদকাৰীসকলে যুৱতীগৰাকীৰ ন্যায় বিচাৰি লখিমপুৰ জিলা উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত সাব্যস্ত কৰিলে প্ৰতিবাদ ৷ প্ৰতিবাদকাৰীসকলৰ অভিযোগ অনুসৰি, যোৱা ২১ ডিচেম্বৰত লখিমপুৰৰ তিনি নং বালিজান নিবাসী ১৬ বছৰীয়া কিশোৰীগৰাকীয়ে লীলাবাৰী ৰে'ল ষ্টেচনৰ(Lilabari Railway Station) পৰা ৰে’লেৰে ওদালগুৰিত থকা তেওঁৰ সম্পৰ্কীয় ব্যক্তিৰ ঘৰলৈ গৈছিল ৷ ৰে’লখন শোণিতপুৰৰ ৰঙাপৰা জাংচনত(Rangapara North Junction) উপস্থিত হোৱাৰ পাছত অজ্ঞাত কাৰণত কিশোৰীগৰাকী প্লেটফৰ্মত বহি থকা দেখা যায় ৷

কিশোৰীগৰাকী বহি থকা দেখা পাই কাষ চাপি আছে জংচনটোত নিয়োজিত ৰে’লৱে আৰক্ষীৰ হীৰেন গগৈ নামৰ লোকজন ৷ হীৰেন গগৈয়ে কিশোৰীগৰাকীক আশ্ৰয় প্ৰদানৰ ভুৱা আশ্বাস দি ফুচুলাই নিজৰ কোঠালৈ লৈ যায় আৰু বন্দী কৰি ধৰ্ষণ কৰে৷ কিশোৰীগৰাকীয়ে পৰৱৰ্তী সময়ত সমগ্ৰ ঘটনাৰ সন্দৰ্ভত পৰিয়ালৰ লোকক জনোৱাৰ পাছত বিষয়টোৱে চাঞ্চল্যৰ সৃষ্টি কৰে ৷ কিশোৰীগৰাকীৰ অভিযোগৰ ভিত্তিত সোমবাৰে লখিমপুৰ উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত যৌথভাৱে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে সদৌ অসম আদিবাসী ছাত্ৰসন্থাৰ(All Adivasi Students Association) লখিমপুৰ জিলা সমিতিৰ লগতে আন চাৰিটা সংগঠনে ।

ৰে’লৱে আৰক্ষীৰ হীৰেন গগৈক ফাঁচী দিয়াৰ দাবী জনায় প্ৰতিবাদকাৰীসকলে । আনহাতে লখিমপুৰৰ উপায়ুক্তৰ জৰিয়তে প্ৰতিবাদকাৰীসকলে ৰাজ্যৰ মুখ্যমন্ত্ৰী এখন স্মাৰকপত্ৰও প্ৰেৰণ কৰে ৷ স্মাৰকপত্ৰখনত দোষীক চাকৰিৰ পৰা বৰ্খাস্ত কৰাৰ লগতে তৎকালীনভাৱে বিচাৰ প্ৰক্ৰিয়া সম্পন্ন কৰি ফাঁচী দিয়া, ৰে’লত মহিলা যাত্ৰীৰ সুৰক্ষা সুনিশ্চিত কৰা, ভৱিষ্যতে এনে ঘটনাৰ পুনৰাবৃত্তি নহ’বৰ বাবে ব্যবস্থা গ্ৰহণ কৰা, ভুক্তভোগী কিশোৰীগৰাকীৰ ভৱিষ্যতৰ নিৰাপত্তা নিশ্চিত কৰা, ক্ষতিপূৰণ তথা সংস্থাপনৰ দিহা কৰাৰ দাবী জনায় ।

চৰকাৰে এই দাবীসমূহ মানি লৈ ব্যবস্থা গ্ৰহণ নকৰিলে সংগঠনকেইটাই আগন্তুক সময়ত তীব্ৰ আন্দোলন আৰম্ভ কৰিব বুলিও স্মাৰক পত্ৰখনৰ জৰিয়তে হুংকাৰ প্ৰদান কৰে ৷

লগতে পঢ়ক: Platinum Jublee of ATTSA: আটছাৰ মহাৰজত জয়ন্তী উপলক্ষে ড্ৰাগছ সজাগতাৰ ওপৰত বাইক ৰেলী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.