বিহপুৰীয়া,24 জানুৱাৰী : স্বাধীনতাৰ সাতটা দশক অতিক্ৰম কৰাৰ পাচতো বিজুলীৰ পোহৰৰ পৰা বঞ্চিত লখিমপুৰৰ নাৰায়ণপুৰৰ এটা অঞ্চল ৷ আজিৰ ডিজিটেল ইণ্ডিয়াৰ যুগতো অঞ্চলটোৰ বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে পঢ়া-শুনা কৰে মমবাতিৰ পোহৰত ।
নাৰায়ণপুৰৰ ভোলাবৰী পঞ্চায়তৰ অন্তৰ্গত বুঢ়াবুঢ়ীত অৱস্থিত এই বিশেষ অঞ্চলটো । পৰিবৰ্তনে ঢুকি নোপোৱা অঞ্চলবাসীক বিগত 15 বছৰে স্থানীয় জনপ্ৰতিনিধিয়ে আশা দি আহিছে যদিও আজিলৈকে পূৰণ নহ’ল এই আশা ৷
ইয়াৰ ফলত অতিষ্ঠ হৈ দেওবাৰে হাতে হাতে চাকি, মমবাতি লৈ ৰাজপথত প্ৰতিবাদ সাব্যস্ত কৰে ক্ষোভিত জনতাই ৷ ইফালে নিৰ্বাচনৰ পূৰ্বে অঞ্চলটোৰ ৰাইজৰ দাবী পূৰণ নকৰিলে ভোট বৰ্জন কৰাৰো হুংকাৰ দিয়ে অঞ্চলবাসীয়ে ৷
লগতে পঢ়ক : অৰুণাচল প্ৰদেশৰ মেচুকাত ভাৰতীয় সেনাৰ অস্ত্ৰ প্ৰদৰ্শন