ETV Bharat / state

Assam School Amalgamation:বিদ্যালয় একত্রীকৰণৰ বিৰুদ্ধে জংগী আন্দোলনৰ হুংকাৰ - শিমলুগুৰি প্রেছ ক্লাবত সংবাদমেল

একত্রীকৰণৰ বিৰোধিতাৰে শিমলুগুৰি প্রেছ ক্লাবত সচেতন যুৱ উন্নয়ন মঞ্চ অসমৰ সংবাদমেল । নাৰায়ণপুৰ শিক্ষা খণ্ডৰ অন্তৰ্গত শিমলুগুৰিৰ বিদ্য়াল

Sachetan Yuv Unnayan Manch press Meet
সচেতন যুৱ উন্নয়ন মঞ্চ অসমৰ সংবাদমেল
author img

By ETV Bharat Assamese Team

Published : Nov 15, 2023, 2:29 PM IST

সচেতন যুৱ উন্নয়ন মঞ্চ অসমৰ সংবাদমেল

বিহপুৰীয়া, ১৫ নৱেম্বৰ: ৰাজ্য চৰকাৰৰ শিক্ষা বিভাগে ত্রিশগৰাকীতকৈ কম ছাত্র-ছাত্রী থকা প্ৰাথমিক বিদ্যালয় সমূহ একত্রীকৰণৰ যি ব্যৱস্থা গ্ৰহণ কৰিছে তাকলৈ তীব্ৰ ক্ষোভ প্রকাশ কৰিছে সচেতন যুৱ উন্নয়ন মঞ্চ,অসমে । চৰকাৰী বিদ্যালয় ধ্বংস কৰি ব্যক্তিগত বিদ্যালয়লৈ ৰঙা দলিচা পাৰি দিয়া কাৰ্যক তীব্ৰ সমালোচনা কৰি লখিমপুৰ জিলাৰ শিমলুগুৰি প্রেছ ক্লাবত বুধবাৰে এক সংবাদমেল সম্বোধন কৰে সচেতন যুৱ উন্নয়ন মঞ্চৰ কেন্দ্ৰীয় নেতৃত্বই ।

নাৰায়ণপুৰ শিক্ষা খণ্ডৰ অন্তৰ্গত শিমলুগুৰিত ৰাইজে গাঁঠিৰ ধন খৰছ কৰি ১৯৫৪ চনত স্থাপন কৰা ৬২৫ নং বহুপথাৰ প্ৰাথমিক বিদ্যালয় আৰু ১৯৭৮ চনত স্থাপিত উজনি বহুপথাৰ প্ৰাথমিক বিদ্যালয় আৰু নিমুৰী সন্দিকৈ প্ৰাথমিক বিদ্যালয় কেইখন শীঘ্ৰে অন্য বিদ্যালয়ৰ লগত একত্ৰীকৰণ কৰিব বুলি জানিব পাৰি সচেতন যুৱ উন্নয়ন মঞ্চ, অসমে শিক্ষা বিভাগৰ এনে হঠকাৰী সিদ্ধান্তৰ বিৰুদ্ধে সংবাদ মেলত তীব্ৰ ক্ষোভ ব্যক্ত কৰে । সচেতন যুৱ উন্নয়ন মঞ্চ লগতে বিদ্যালয় কেইখনৰ একত্ৰীকৰণ বাতিল নকৰিলে ৰাজ্য চৰকাৰ আৰু শিক্ষা বিভাগৰ বিৰুদ্ধে জংগী আন্দোলনৰ দৰে কাৰ্যসূচী গ্রহণ কৰা হ'ব বুলি হুংকাৰ দিয়ে ।

প্রধানকৈ কৃষিজীৱী অঞ্চলটোৰ উজনি বহুপথাৰ প্ৰাথমিক বিদ্যালয়ত ১৫ গৰাকী ছাত্র-ছাত্রীৰ বিপৰীতে দুজন শিক্ষক আৰু এটা অঙ্গনৱাড়ী কেন্দ্ৰ আছে । সেইদৰে ৬২৫নং বহুপথাৰ প্ৰাথমিক বিদ্যালয়ত ২৬ গৰাকী ছাত্র-ছাত্রীৰ বিপৰীতে দুগৰাকী শিক্ষকে পাঠদান কৰি আছে । আনহাতে, দুয়োখন বিদ্যালয়ৰ পৰা সমীপৱৰ্তী প্ৰাথমিক বিদ্যালয়লৈ এক কিলোমিটাৰতকৈ দূৰত্ব বেছি বুলি সংবাদমেলত উল্লেখ কৰা লগতে কণ কণ শিশুসকল অহা-যোৱা কৰাৰ ক্ষেত্ৰত যথেষ্ট সমস্যাৰ সন্মুখীন হ'ব বুলি কয় যুৱ উন্নয়ন মঞ্চৰ কেন্দ্ৰীয় নেতৃত্বই ৷ দুয়োখন বিদ্যালয় স্থিতাৱস্থাত বাহাল ৰাখিবলৈ চৰকাৰক দাবী জনাইছে সচেতন যুৱ উন্নয়ন মঞ্চ, অসমে ।

লগতে পঢ়ক:Thief Arrested at Noonmati: মহানগৰীৰ অলিয়ে-গলিয়ে ঘূৰি ফুৰিছে বহিঃৰাজ্যৰ চোৰ, নুনমাটিত 70 লাখ টকাৰ চুৰি সামগ্ৰী জব্দ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.