লখিমপুৰ,14 জুলাই: কাৰাবন্দী কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতা অখিল গগৈৰ মুক্তি বিচাৰি অব্যাহত আছে ৰাজ্যৰ সৰ্বত্ৰে প্ৰতিবাদ ৷ মঙলবাৰে লখিমপুৰৰ ধলপুৰত একাধিক দল-সংগঠনে সংগঠনটোৰ কাৰাবন্দী নেতাসকলৰ মুক্তিৰ দাবীত প্ৰদৰ্শন কৰে মানৱ শৃংখল কাৰ্যসূচী ৷ প্ৰতিবাদকাৰীসকলে চৰকাৰ বিৰোধী বিভিন্ন শ্ল'গানেৰে উত্তাল কৰি তোলে ধলপুৰৰ আকাশ-বতাহ ৷ তদুপৰি কৰ’ণা ভাইৰাছত আক্ৰান্ত হোৱা স্বত্বেও সংগঠনটোৰ নেতা কেইগৰাকীক মুক্তি নিদিয়া কাৰ্যক চৰকাৰৰ পৰিকল্পিত ষড়যন্ত্ৰ হিচাপে অভিহিত কৰে প্ৰতিবাদকাৰীসকলে ৷ উক্ত প্ৰতিবাদী কাৰ্যসূচীত কৃষক মুক্তি সংগ্ৰাম সমিতি,সদৌ অসম মটক যুৱ ছাত্ৰ সন্মিলন,সচেতন উন্নয়ন মঞ্চ আৰু আটাছুৰ অৰ্ধ শতাধিক সদস্যই অংশগ্ৰহণ কৰে ৷
লগতে চাওকঃ জামিন লাভৰ পিছতো কাৰাগাৰত বন্দী মানস কোঁৱৰ