ETV Bharat / state

Protest against Bihpuria OC: লখিমপুৰত আৰক্ষীৰ কাণ্ডই জ্বলাইছে জুই - Bihpuria OC beats constable

আৰক্ষীৰ কাণ্ডই জ্বলাইছে জুই । উপায়ুক্তৰ কাৰ্যালয়ৰ প্ৰৱেশ দ্বাৰত জ্বলিল বিহপুৰীয়া থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াৰ পুত্তলিকা । যোৱা ১৮ এপ্ৰিলত বিহপুৰীয়া থানাৰ আৰক্ষী বিষয়া উৎপল বৰা আৰু তেওঁৰ গাড়ী চালক সীমান্ত বৰাই থানাখনত কৰ্মৰত কনিষ্টবল প্ৰেমেধৰ নৰহক প্ৰহাৰ কৰাৰ অভিযোগ উত্থাপিত হৈছিল (Allegation against Bihpuria OC) ।

Protest against Bihpuria OC
লখিমপুৰত আৰক্ষী কাণ্ডই জ্বলাইছে জুই।
author img

By

Published : Apr 26, 2022, 11:00 PM IST

লখিমপুৰ, ২৬ এপ্ৰিল: লখিমপুৰত আৰক্ষীৰ কাণ্ডই জ্বলাইছে জুই । উপায়ুক্তৰ কাৰ্যালয়ৰ প্ৰৱেশ দ্বাৰত জ্বলিল বিহপুৰীয়া থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াৰ পুত্তলিকা । যোৱা ১৮ এপ্ৰিলত বিহপুৰীয়া থানাৰ আৰক্ষী বিষয়া উৎপল বৰা আৰু তেওঁৰ গাড়ী চালক সীমান্ত বৰাই থানাখনত কৰ্মৰত কনিষ্টবল প্ৰেমেধৰ নৰহক প্ৰহাৰ কৰাৰ অভিযোগ উত্থাপিত হৈছিল (Bihpuria OC beats constable)। ঘটনা সন্দৰ্ভত আহত কনিষ্টবলজনে জিলাৰ আৰক্ষী অধীক্ষকৰ ওচৰত ১৯ এপ্ৰিলত অভিযোগ দাখিল কৰিছিল যদিও কোনো গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগ উত্থাপন কৰে কনিষ্টবলগৰাকীয়ে ৷

বিভাগীয় কৰ্তৃপক্ষই কোনো ব্যৱস্থা গ্ৰহণ নকৰাত সোমবাৰে সংবাদ মাধ্যমৰ জৰিয়তে কনিষ্টবল প্ৰেমেধৰ নৰহে বিষয়টোৰ সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ লগতে আৰক্ষী সঞ্চালক প্ৰধানৰ হস্তক্ষেপ বিচাৰে ৷ ইফালে কনিষ্টবলজনক প্ৰহাৰ কৰাৰ সময়ত মিচিং জাতিৰ প্ৰতি অসন্মান সূচক কথাৰে গালি পৰাত মঙলবাৰে জাঙুৰ খাই উঠে কেইবাটাও মিচিং জাতীয় সংগঠন । এই ঘটনাক লৈ TMPK লখিমপুৰ নগৰ সমিতি আৰু সদৌ অসম ট্ৰাইবেল য়ূথ লিগৰ লখিমপুৰ জিলা সমিতিয়ে জিলা উপায়ুক্ত কাৰ্যালয়ৰ দুৱাৰ মুখত বিহপুৰীয়াৰ থানাৰ আৰক্ষী বিষয়া উৎপল বৰাৰ পুত্ৰলিকা দাহ কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে ।

অভিযুক্ত আৰক্ষী বিষয়া উৎপল বৰাক গ্ৰেপ্তাৰ কৰাৰ লগতে মিচিং জনগোষ্ঠীৰ ওচৰত ক্ষমা খোজাৰ দাবী জনায় । অন্যথা সমগ্ৰ অসম জুৰি প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণৰ হুংকাৰ দিয়ে প্ৰতিবাদকাৰীসকলে ।

লগতে পঢ়ক: কনিষ্টবলক হত্যাৰ চেষ্টা চলোৱাৰ অভিযোগ আৰক্ষী বিষয়া উৎপল বৰাৰ বিৰুদ্ধে

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.