ETV Bharat / state

Fraud: ধনৰ বিনিময়ত বিক্ৰী ভুৱা নিযুক্তিপত্ৰ; ডক্টৰেট ডিগ্ৰীতো ধনৰ লেনদেন; হাত দীঘল অধ্যাপকৰ বিৰুদ্ধে অভিযোগ - টাই আহোম যুৱ পৰিষদ

পুনৰ এক বিতৰ্কৰ আৱৰ্তত বিহপুৰীয়া মহাবিদ্যালয় ৷ এইবাৰ মহাবিদ্যালয়খনৰ এজন অধ্যাপকে ধনৰ বিনিময়ত ভুৱা নিযুক্তিপত্ৰ প্ৰদানৰ অভিযোগ উত্থাপিত হৈছে ৷ ইতিমধ্যে ভাইৰেল হৈ পৰিছে কল ৰেকৰ্ডিং ৷

Fake appointment letters for jobs
ধনৰ বিনিময়ত ভুৱা নিযুক্তিপত্ৰ প্ৰদানৰ অভিযোগ
author img

By

Published : Aug 8, 2023, 9:10 AM IST

ধনৰ বিনিময়ত ভুৱা নিযুক্তিপত্ৰ প্ৰদানৰ অভিযোগ

বিহপুৰীয়া, 8 আগষ্ট : সম্প্ৰতি বিতৰ্কই যেন লগ এৰা দিয়া নাই লখিমপুৰ জিলাৰ বিহপুৰীয়াৰ ঐতিহ্যমণ্ডিত শিক্ষানুষ্ঠান বিহপুৰীয়া মহাবিদ্যালয়ক । এইবাৰ পুনৰ আন এক বিৰ্তকত সাঙোৰ খাই পৰিছে বিহপুৰীয়াৰ এই ঐতিহ্যমণ্ডিত শিক্ষানুষ্ঠানখন । সৌ সিদিনালৈকে এই মহাবিদ্যালয়খনত অধ্যক্ষ আৰু শিক্ষক গোটৰ মাজত সৃষ্টি হৈছিল সংঘাত ৷ এই সংঘাতৰ কোনো ধৰণৰ এক সুমীমাংসা নৌহওঁতেই পুনৰ মাহাবিদ্যালয়খনৰ কেইগৰাকীমান শিক্ষক সোমাই পৰিছে আন এক বিৰ্তকৰ আৱৰ্তত ।

বিশেষকৈ মহাবিদ্যালয়খনৰ অধ্যাপক ৰাতুল বৰাই কৰা কৰ্মকাণ্ডকলৈ শেহতীয়াকৈ সমগ্ৰ বিহপুৰীয়া আজি তোলপাৰ হৈ পৰিছে ৷ দুটা ফোনকলে উদঙাইছে মহাবিদ্যালয়খনৰ অধ্যাপক ৰাতুল বৰাই চাকৰি দিয়াৰ নামত কৰা ঠগ প্ৰৱঞ্চকৰ অন্য এক অধ্যায় । সহজলভ্য ধনৰ মোহত পৰি এগৰাকী শিক্ষকে ধনৰ বিনিময়ত চৰকাৰী বিষয়াৰ ভুৱা চহীৰে বহুতকে নিযুক্তিপত্ৰ প্ৰদান কৰাৰ অভিযোগ উত্থাপিত হৈছে ৷

ইমানেই নহয় অধ্যাপক ৰাতুল বৰাই ডক্টৰেক্ত ডিগ্ৰীৰ প্ৰমাণপ্ৰত্ৰ প্ৰদানৰ নামতো লখিমপুৰ জিলাৰ বিভিন্ন প্ৰান্তৰ পৰা বহুলোকৰ পৰা লাখে লাখে টকা লোৱাৰো অভিযোগ উঠিছে । এই অভিযোগ তৰিছে অসমীয়া যুৱ মঞ্চৰ কাৰ্যকৰী সভাপতি ধৰ্মকান্ত গগৈয়ে ।

ইতিমধ্যে অধ্যাপকগৰাকীৰ বিৰুদ্ধে গগৈয়ে লখিমপুৰ জিলাৰ আৰক্ষী অধীক্ষকগৰাকীক এক এজাহাৰ দাখিল কৰাৰ উপৰিও সামাজিক মাধ্যমত ভাইৰেল কৰিছে ইটোৰ পিচত সিটো কল ৰেকৰ্ডিং । ভাইৰেল ফোনকলৰ পাচতে সৰ্বত্ৰে সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ ৷

ইপিনে এই দুটা ফোনকল ভাইৰেল হোৱাৰ পিচত টাই আহোম যুৱ পৰিষদৰ উপ সভাপতি পৰমানন্দ গগৈয়েও সোমবাৰে মহাবিদ্যালয়ৰখনৰ অধ্যক্ষক এখন স্মাৰক পত্ৰৰ যোগেদি সমগ্ৰ বিষয় সন্দৰ্ভত তদন্ত দাবী তোলে । এই সন্দৰ্ভত বিভাগীয় বিষয়াই কি ব্যৱস্থা গ্ৰহণ কৰিব সেয়াহে হ’ব লক্ষণীয় ৷

লগতে পঢ়ক : Manipur violence : মণিপুৰৰ পৰিস্থিতি পৰ্যালোচনাৰ বাবে প্ৰাক্তন ন্যায়াধীশৰ বিশেষ সমিতি গঠনৰ প্ৰস্তাৱ উচ্চতম ন্যায়ালয়ৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.