বিহপুৰীয়া,1 মাৰ্চ: লখিমপুৰৰ বিহপুৰীয়া সমষ্টিত কংগ্ৰেছৰ হাইভল্টেজ নেত্ৰীৰ নিৰ্বাচনী প্ৰচাৰ ৷ দুদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ অহা কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধী ৱাদ্ৰাই প্ৰথম দিনটোতে নিৰ্বাচনী প্ৰচাৰ চলালে লখিমপুৰ জিলাৰ বিহপুৰীয়া সমষ্টিত ৷ নিৰ্বাচনী প্ৰচাৰৰ উদ্দেশ্যে উপস্থিত হৈ কংগ্ৰেছ নেত্ৰী গৰাকীয়ে পোনে পোনে মহাপুৰুষ মাধৱদেৱৰ জন্মস্থান লেটেকুপুখুৰীলৈ গৈ আশিস লৈ দিনটোৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰে ৷
মহাপুৰুষজনাৰ জন্মস্থান লেটেকুপুখুৰী আৰু শ্ৰীমন্ত শংকৰদেৱ সংঘৰ দ্বাৰা পৰিচালিত ৰঙাজান উজীৰৰ টোলতো সেৱা লয় নেত্ৰীগৰাকীয়ে ৷ উজনি উত্তৰ অসমৰ বৈষ্ণৱ ধৰ্মাৱলম্বী ভকত বৈষ্ণৱৰ আবেগ বিজৰিত জন্মস্থান দুখনত সেৱা লৈ গুৰুজনাৰ প্ৰতি কংগ্ৰেছ দলটোৰ শ্ৰদ্ধা আৰু ভক্তি প্ৰদৰ্শনৰ জৰিয়তে ৰাইজৰ আস্থা জয় কৰাৰ চেষ্টা চলালে নেত্ৰীগৰাকীয়ে ৷
লগতে পঢ়ক: লখিমপুৰত বিজেপি চৰকাৰক তীব্ৰ সমালোচনা কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধীৰ