লখিমপুৰ, 10 এপ্ৰিলঃ 11 এপ্ৰিলত অনুষ্ঠিত হ'ব লগীয়া প্ৰথম পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ বাবে লখিমপুৰ জিলাৰ তিনিটা বিধানসভা সমষ্টিৰ বাবে ৰাওনা হৈছে পলিং, প্ৰিজাইডিং বিষয়াসকল ৷ লখিমপুৰ জিলাত মুঠ 655টা ভোটকেন্দ্ৰত 2499 জন বিষয়া নিয়োগ কৰা হৈছে ৷
ইতিমধ্যে লখিমপুৰ জিলাৰ তিনিটা বিধানসভা সমষ্টিৰ নিৰাপত্তাৰ বাবে ভোটকেন্দ্ৰ সমূহত নিয়োগ কৰা হৈছে আৰক্ষী,নিৰাপত্তাৰক্ষীৰ দল ৷ উল্লেখ্য যে লখিমপুৰ জিলাৰ তিনিটা বিধানসভা সমষ্টিৰ ভিতৰত মুঠ 50টা স্পৰ্শকাতৰ ভোটকেন্দ্ৰ আছে ৷ ইয়াৰোপৰিও 4টা মহিলা ভোটকেন্দ্ৰৰ লগতে 4 টা মডেল ভোটকেন্দ্ৰও আছে ৷