ETV Bharat / state

প্ৰৱীণ ৰাজনীতিবিদ প্ৰেমধৰ বৰাৰ আশু আৰোগ্য কামনাৰে বন্তি প্ৰজ্বলন

author img

By

Published : Jul 17, 2022, 12:56 PM IST

প্ৰথিযশা নাট্য়কাৰ প্ৰয়াত সেৱাব্ৰত বৰুৱাৰ ওপজাদিন উপলক্ষে বিহপুৰীয়াত বিশেষ কাৰ্যসূচী (Birthday of playwriter late Sevabrata Baruah) । বিশিষ্ট নাট্যকাৰ গৰাকীৰ ওপজা দিনতে অসম চৰকাৰৰ প্ৰাক্তন শিক্ষামন্ত্ৰী প্ৰেমধৰ বৰাৰ আশু আৰোগ্য কামনাৰে বিহপুৰীয়াত বন্তি প্ৰজ্বলন কাৰ্যসূচী ৰূপায়ণ কৰে (Pray for speedy recovery to Veteran politician Premadhar Borah) ।

renowned playwrighter late sevabrata baruah celebrated his birthday in bihpuria
স্বনামধন্য নাট্যকাৰ প্ৰয়াত সেৱাব্ৰত বৰুৱাৰ ওপজা দিনতে ৰাজনীতিবিদ প্ৰেমধৰ বৰাৰ আশু আৰোগ্য কামনাৰে বন্তি প্ৰজ্বলন

বিহপুৰীয়া, ১৬ জুলাই : বিহপুৰীয়াত স্বনামধন্য নাট্যকাৰ, অভিনেতা, পৰিচালক প্ৰয়াত সেৱাব্ৰত বৰুৱা ওৰফে মিলু দাৰ ওপজা দিনত অনুষ্ঠিত কৰা হয় এক ব্য়তিক্ৰমী কাৰ্যসূচী (Birthday of playwrighter late Sevabrata Baruah) । বিহপুৰীয়া সন্মিলিত নাট্য সমাজ আৰু বিহপুৰীয়া শাখা সাহিত্য সভাৰ উদ্যোগত শনিবাৰে সন্ধিয়া ৭ বজাত অসমৰ স্বনামধন্য নাট্যকাৰ, অভিনেতা তথা পৰিচালকগৰাকীৰ জন্ম দিৱস আৰু অসম চৰকাৰৰ প্ৰাক্তন শিক্ষামন্ত্ৰী প্ৰেমধৰ বৰাৰ আশু আৰোগ্য কামনাৰে বিহপুৰীয়া নগৰৰস্থিত যোগবৰুৱা স্মৃতি ভৱনৰ সম্মুখত এক বন্তি প্ৰজ্বলন অনুষ্ঠান অনুষ্ঠিত কৰে (Pray for speedy recovery to Veteran politician Premadhar Borah) ।

নাট্য সমাজৰ সাধাৰণ সম্পাদক দুলাল শৰ্মাই আঁত ধৰা বন্তি প্ৰজ্বলন অনুষ্ঠানটিত নাট্য সমাজৰ উপ সভাপতি চন্দ্ৰ নেওঁগ আৰু শিক্ষাবিদ তথা নাট্য সমাজৰ আজীৱন সদস্য ড° ৰাজেন্দ্ৰ নাথ সভাপণ্ডিতে বন্তি প্ৰজ্বলনৰ শুভাৰম্ভ কৰে । ইয়াৰ পিছতে নাট্য সমাজ আৰু সাহিত্য সভাৰ বিষয়ববীয়া তথা উপস্থিত ৰাইজে বন্তি প্ৰজ্বলন কৰি অনুষ্ঠানটি আগবঢ়াই লৈ যায় ।

প্ৰৱীণ ৰাজনীতিবিদ প্ৰেমধৰ বৰাৰ আশু আৰোগ্য কামনাৰে বন্তি প্ৰজ্বলন

এই বন্তি প্ৰজ্বলন অনুষ্ঠানতে সম্পাদক শৰ্মাই গুৱাহাটী প্ৰেছ ক্লাবত সেৱাব্রত বৰুৱা স্মৃতি ন্যাস সমিতিৰ উদ্যোগত তেখেতৰ অমৰ সৃষ্টি নাট্য সম্ভাৰৰ প্ৰথম সংকলন উন্মোচন ৷

উক্ত অনুষ্ঠানত নাট্য সমাজৰ হৈ সভাপতি তথা প্ৰাক্তন বিধায়ক দেবানন্দ হাজৰিকা উপস্থিত থাকে বুলি জানিবলৈ দিয়ে । ইফালে বৰ্ষীয়ান ৰাজনীতিবিদ গৰাকী বিগত কেইবাদিন ধৰি জটিল ৰোগত আক্ৰান্ত হৈ ডিব্ৰুগড়স্থিত আস্থা হাস্পতালত চিকিৎসাধীন হৈ আছে । বিহপুৰীয়াত উক্ত অনুষ্ঠানতে তেখেতৰ আশু আৰোগ্য কামনাৰে বন্তি প্ৰজ্বলন কৰা পৰিলক্ষিত হয় ।

লগতে পঢ়ক: হোজাই জিলা পৰিবহন বিষয়াৰ কাৰ্যালয়ত চুৰি কাণ্ড

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.