লখিমপুৰ, ১০ আগষ্ট: দেশজুৰি অব্য়াহত আছে ডাক কৰ্মচাৰী সকলৰ প্ৰতিবাদ । চৰকাৰে ডাক বিভাগক নিগমীকৰণ কৰা আৰু ব্যক্তিগতকৰণৰ দিশে লৈ যোৱাৰ বিৰুদ্ধে ডাক কৰ্মচাৰী সকলে প্ৰতিবাদ জনাইছে । ডাক কৰ্মচাৰী সকলৰ বিভিন্ন দাবী পুৰণ বাবে দীৰ্ঘদিন প্ৰতিবাদ জনোৱাৰ পিছতো চৰকাৰে ব্য়ৱস্থা গ্ৰহণ নকৰাৰ প্ৰতিবাদত বুধবাৰে দেশজুৰি ধৰ্মঘট কাৰ্যসুচী গ্রহণ কৰিছে ডাক কৰ্মচাৰী সকলে । লখিমপুৰতো ডাক কৰ্মচাৰী সকলে ধৰ্মঘট কাৰ্যসুচী পালন কৰে((Postal workers strike against Privatization in Lakhimpur)।
লখিমপুৰ নগৰৰ প্ৰধান ডাকঘৰ অচল কৰি ধৰ্মঘটত বহিছে ডাক কৰ্মচাৰী সকল । কেন্দ্রীয় চৰকাৰৰ দ্বাৰা ডাক বিভাগক নিগমীকৰণ কৰা আৰু ব্যক্তিগতকৰণৰ দিশে লৈ যোৱাৰ প্ৰতিবাদৰ লগতে ডাক কৰ্মচাৰী সকলৰ দীর্ঘদিনীয়া সমস্যা সমুহ সমাধানৰ দাবীত ভাৰতীয় ডাক বিভাগৰ এমপ্লয়ী ইউনিয়নৰ আঞ্চলিক সমন্বয় সমিতিৰ আহ্বান ক্ৰমে ডাক কৰ্মচাৰী সকলে সৰ্বাত্মক ধৰ্মঘট কাৰ্যসূচী গ্রহণ কৰে । ডাক বিভাগক নিগমীকৰণ কৰা বন্ধ কৰা, নতুন পেঞ্চন আচনি বাতিল কৰাৰ লগতে ট্ৰেড ইউনিয়নৰ বিৰুদ্ধে চলোৱা সকলো ষড়যন্ত্র বন্ধ কৰাকে আদিকৰি কেইবাটাও দাবীৰ সমৰ্থনত ডাক কৰ্মচাৰী সকলে ধৰ্মঘট পালন কৰে । ডাক বিভাগক ব্যক্তিগত কৰণৰ হাতোৰাৰ পৰা যিকোনো মূল্যৰ বিনিময়ত ৰক্ষা কৰিবলৈ কৰ্মচাৰী সকল বদ্ধপৰিকৰ বুলি কৰ্মচাৰী সকলে স্পষ্ট কৰি দিয়ে ।
লগতে পঢ়ক:etv comment image AATSA protest: মেলেং চাহ বাগিছাত আটছাৰ তিনিঘন্টীয়া অৱস্থান ধৰ্মঘট