ETV Bharat / state

একাঠু বোকাৰে যাতায়ত কৰিবলগীয়া হৈছে নাৰায়নপুৰ ৰাইজে - গনকদলনী গাঁও পঞ্চায়ত

নাৰায়ণপুৰ উন্নয়ন খণ্ডৰ অন্তৰ্গত গনকদলনী গাঁও পঞ্চায়তৰ অধীনৰ গেলেকী গাঁও সংযোগী পথটোত স্বাধীনতাৰ ৭ দশকৰ পিছতো শিলগুটিটো বাদেই নপৰিল এচপৰা মাটিও । ফলত বছৰ বছৰ ধৰি যাতায়তৰ ক্ষেত্ৰত জমৰ-যাতনা ভোগ কৰি আহিছে অঞ্চলটোৰ লোক সকলে।

একাঠু বোকাৰে যাতায়ত কৰিবলগীয়া হৈছে নাৰায়নপুৰ ৰাইজে

author img

By

Published : May 22, 2021, 5:35 PM IST

বিহপুৰীয়া, 22 মে' : নাৰায়ণপুৰৰ এটা বিধস্ত পথে জলাকলা খুৱাইছে এখন গাঁৱৰ ৰাইজক । সামান্য এজাক বৰষুণ দিলেই একাঠু পৰ্যন্ত বোকা-পানীৰে ভৰি পৰে পথটি । ফলত বছৰ বছৰ ধৰি যাতায়তৰ ক্ষেত্ৰত জমৰ-যাতনা ভোগ কৰি আহিছে অঞ্চলটোৰ লোক সকলে।

নাৰায়ণপুৰ উন্নয়ন খণ্ডৰ অন্তৰ্গত গনকদলনী গাঁও পঞ্চায়তৰ অধীনৰ গেলেকী গাঁও সংযোগী পথটোত স্বাধীনতাৰ ৭ দশকৰ পিছতো শিলগুটিটো বাদেই, নপৰিল এচপৰা মাটিও । শতাধিক পৰিয়ালে বসবাস কৰা গাঁও খনৰ গুৰুত্বপূৰ্ণ পথটোৰ দুৰৱস্থাৰ বাবে স্কুলীয়া ছাত্ৰ-ছাত্ৰীৰ পৰা আৰম্ভ কৰি সাধাৰণ পথচাৰীলৈকে সকলোৱেই যাতায়তৰ ক্ষেত্ৰত জমৰ-যাতনা ভোগ কৰি আহিছে ।

একাঠু বোকাৰে যাতায়ত কৰিবলগীয়া হৈছে নাৰায়নপুৰ ৰাইজে

বিধস্ত পথৰ বাবেই অঞ্চলটোৰ ৰাইজে ৰোগীক হাস্পতাললৈ নিয়াৰ ক্ষেত্ৰত বহু অসুবিধাৰ সন্মুখীন হৈ আহিছে ৷ এম্বুলেঞ্চ টো বাদেই ৰোগীক ঠেলা অথবা চাইকেলত বহুৱাই এক-ডেৰ কিলোমিটাৰ পথ অতিক্ৰম কৰি গাড়ীত তুলিবগৈ লাগে।

অভিযোগ অনুসৰি বছৰৰ ৬ টা মাহেই বোকা-পানীৰে ভৰি থকা পথচোৱা পুনৰ নিৰ্মাণৰ বাবে অঞ্চলটোৰ ৰাইজে চৰকাৰ-প্ৰশাসনকক বাৰম্বাৰ দাবী জনাই আহিছে যদিও কোনো সুফল লাভ নকৰিলে । নিৰ্বাচনৰ আগত গাঁওখনলৈ জনপ্ৰতিনিধি সকল আহি ভোট ভিক্ষা কৰাৰ লগতে গাঁও খনৰ উন্নয়নৰ আশ্বাস বহুত দিয়ে ৷ কিন্তু নিৰ্বাচন পাৰ হৈ যোৱাৰ পিছত সকলো পাহৰি যায়।

এই পৰিপেক্ষিততে গাঁও খনৰ লোকসকলক এইবাৰ আশ্বাস নালাগে পথহে লাগে। সেয়ে অঞ্চলটোৰ দুৰ্ভগীয়া ৰাইজে এইবাৰ সংবাদ মাধ্যমৰ জৰিয়তে ড° হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত গঠন হোৱা নতুন চৰকাৰখনৰ লগতে স্থানীয় নৱনিৰ্বাচিত বিধায়ক ড° অমীয় কুমাৰ ভূঞাক শীঘ্ৰে পথচোৱা পুনৰ নিৰ্মাণ কৰি যাতায়তৰ ক্ষেত্ৰত সুচল কৰি তুলিবৰ বাবে কাতৰ আহ্বান জনাইছে ।

লগতে পঢ়ক: ক'ভিড-19: আক্ৰান্তৰ হাৰ কমিলেও কমা নাই মৃত্যুৰ হাৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.