ETV Bharat / state

ঠেঙাল কছাৰী স্বায়ত্ব শাসিত পৰিষদৰ নিৰ্বাচনলৈ ৰাইজৰ ব্যাপক সঁহাৰি - Polling of Thengal kachari Autonomous council election in Lakhimpur

লখিমপুৰত শান্তিপূৰ্ণভাৱে চলিছে ঠেঙাল কছাৰী স্বায়ত্ব শাসিত পৰিষদৰ নিৰ্বাচন (Thengal kachari Autonomous council election in Lakhimpur) ৷ জিলাখনৰ 5 টা সমষ্টিত 15 গৰাকীকৈ প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় কৰিব 9,293 গৰাকী ভোটাৰে ৷ লখিমপুৰত প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে শাসকীয় দল বিজেপিৰ 4 গৰাকী প্ৰাৰ্থীয়ে ৷

voters participate peacefully in Thengal kachari Autonomous council election in Lakhimpur
ঠেঙাল কছাৰী স্বায়ত্ব শাসিত পৰিষদৰ নিৰ্বাচন
author img

By

Published : Jan 20, 2022, 4:46 PM IST

লখিমপুৰ, 20 জানুৱাৰী : আজি ৰাজ্যৰ 5 খন জিলাৰ 22 টা সমষ্টিত অনুষ্ঠিত হৈছে ঠেঙাল কছাৰী স্বায়ত্ব শাসিত পৰিষদৰ নিৰ্বাচন ৷ নিৰ্বাচন অনুষ্ঠিত হোৱা জিলাসমূহৰ ভিতৰত অন্যতম হৈছে লখিমপুৰ (Thengal kachari Autonomous council election in Lakhimpur) ৷ লখিমপুৰৰ 5 টা সমষ্টিত আজিৰ এই নিৰ্বাচন অনুষ্ঠিত হৈছে ৷

ঠেঙাল কছাৰী স্বায়ত্ব শাসিত পৰিষদৰ নিৰ্বাচনৰ প্ৰতি ব্যাপক সঁহাৰি জনাই ভোটাৰ ৰাইজে ৷ পুৱা 8 বজাৰে পৰা অনুষ্ঠিত হৈছে ভোটগ্ৰহণ প্ৰক্ৰিয়া ৷

উল্লেখ্য যে, জিলাখনৰ 5 টা সমষ্টিৰ 15 গৰাকীকৈ প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় কৰিব 9,293 গৰাকী ভোটাৰে ৷ লখিমপুৰত প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে বিজেপিৰ 4 গৰাকী প্ৰাৰ্থীয়ে ৷ ইয়াৰ বিপৰীতে অগপৰ এগৰাকী, কংগ্ৰেছৰ 5 গৰাকী আৰু আন 5 গৰাকী নিৰ্দলীয় প্ৰাৰ্থীয়ে নিৰ্বাচনী যুঁজত অংশ লৈছে ৷

নিৰ্বাচনলৈ ৰাইজৰ ব্যাপক সঁহাৰি

নিৰ্বাচনৰ মূল যুঁজখন শাসকীয় দল বিজেপি আৰু বিৰোধী কংগ্ৰেছৰ মাজতে সীমাবদ্ধ থকাৰ ধাৰণা প্ৰকাশ কৰিছে ভোটাৰসকলে ৷ বিগত বিধানসভা নিৰ্বাচনত পৰাজয়ৰ সন্মুখীন হোৱা কংগ্ৰেছৰ বাবে এয়া এক সুবৰ্ণ সুযোগ বুলিয়েই ক’ব পৰা যায় ৷ কিন্তু ভোটগণনাৰ অন্ততহে শেষ হাঁহি কোনে মাৰে, সেয়া জলজল-পটপটকৈ স্পষ্ট হৈ পৰিব ৷

উল্লেখ্য যে, ডিব্ৰুগড় জিলাৰ ২২ নং মেৰবিল নাহৰকটীয়া সমষ্টিৰ ৬ নং জৰিগুৰি মজলীয়া বিদ্যালয়ৰ ভোটকেন্দ্ৰত মুঠ ৯১২ গৰাকী ভোটাধিকাৰে আজি ভোটগ্ৰহণ প্ৰক্ৰিয়াত অংশগ্ৰহণ কৰিব ৷ সমষ্টিটোত এফালে বিজেপিৰ লগতে আনফালে কংগ্ৰেছ আৰু অসম জাতীয় পৰিষদ মিত্ৰজোঁটৰ মুঠ দুগৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দিতা কৰিছে ।

ইয়াৰ লগতে তিতাবৰৰ 10 টা সমষ্টিত অব্যাহত আছে ভোটগ্ৰহণ প্ৰক্ৰিয়া ৷ মহকুমাটোৰ দহটা সমষ্টিত পুৰুষ ভোটাৰৰ সংখ্যা হৈছে 24,067 গৰাকী আৰু মহিলা ভোটাৰৰ সংখ্যা হৈছে 23,890 গৰাকী ৷ সমষ্টিকেইটাত সৰ্বমুঠ ভোটাৰৰ সংখ্যা 47,957 গৰাকী ৷ প্ৰতিটো ভোটগ্ৰহণ কেন্দ্ৰত ভোটাৰসকলে ক'ভিডৰ নীতি নিৰ্দেশনা মানি ভোটদানৰ বাবে শাৰী পাতি অপেক্ষা কৰা পৰিলক্ষিত হৈছে ৷

লগতে চাওক: Thengal Kachari Parishad Election : ঠেঙাল কছাৰী স্বায়ত্ব শাসিত পৰিষদৰ নিৰ্বাচনলৈ সাজু লখিমপুৰবাসী

For All Latest Updates

TAGGED:

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.