ETV Bharat / state

DAC Election: স্বায়িত্ব শাসিত পৰিষদৰ পৰিষদীয় নিৰ্বাচনত বিৰোধীৰ ভূমিকা শূণ্য় হ'ব: পিয়ুষ হাজৰিকা

author img

By

Published : Oct 17, 2022, 10:12 PM IST

৪ নৱেম্বৰ অনুষ্ঠিত হ'বলগীয়া দেউৰী স্বায়িত্ব শাসিত পৰিষদৰ পৰিষদীয় নিৰ্বাচন(Deori Autonomous Council Elections)ৰ বাবে দলীয় কাৰ্যকৰ্তাৰে এখন বৈঠকত অংশ ল’বলৈ নাৰায়ণপুৰত মন্ত্ৰী পিয়ুষ হাজৰিকা । সমষ্টিটোৰ আটাইকেইখন আসনেই বিজেপিয়ে দখল কৰাৰ দাবী মন্ত্ৰীগৰাকীৰ ।

piyush hazarika on dac election
স্বায়িত্ব শাসিত পৰিষদৰ পৰিষদীয় নিৰ্বাচনত বিৰোধীৰ ভূমিকা শূণ্য় হ'ব: পিয়ুষ হাজৰিকা

বিহপুৰীয়া,১৭ অক্টোবৰ: অহা 8 নবেম্বৰত ৰাজ্যত অনুষ্ঠিত হ'ব দেউৰী স্বায়িত্ব শাসিত পৰিষদৰ পৰিষদীয় নিৰ্বাচন(Deori Autonomous Council Elections) । সমাগত দেউৰী স্বায়ত্ত শাসিত পৰিষদৰ নিৰ্বাচনৰ প্ৰাৰ্থী নিৰ্বাচনৰ বাবে দলীয় কাৰ্যকৰ্তাৰে এখন বৈঠকত অংশ লবলৈ আজি নাৰায়ণপুৰত উপস্থিত হয় মন্ত্ৰী পিয়ুষ হাজৰিকা । নাৰায়ণপুৰত উপস্থিত হৈ মন্ত্ৰী গৰাকীয়ে আজি নিশালৈ নাইবা কালিলৈৰ ভিতৰত বিজেপি মিত্ৰ জোটৰ প্ৰাৰ্থী তালিকাখন প্ৰকাশ কৰা হ’ব বুলি জানিবলৈ দিয়ে । লগতে মন্ত্ৰী গৰাকীয়ে পৰিষদৰ অন্তৰ্গত ২২ টা সমষ্টিতে বিজেপি মিত্ৰজোটৰ সমৰ্থিত প্ৰাৰ্থী জয় লাভ কৰি পৰিষদত বিজেপি শূণ্য হ'ব বুলিও মন্তব্য কৰে ।

ইফালে কংগ্ৰেছ দলৰ নিৰ্বাচনত কমলাক্ষ দে’ পুৰকায়স্থৰ ভোটাৰ তালিকাত নাম সন্নিবিষ্ট নোহোৱা আৰু ভূপেন বৰাক কটাক্ষ কৰি কেইবাটাও মন্তব্য কৰে মন্ত্ৰী গৰাকীয়ে(Congress Presidential Poll 2022) । তিনিবাৰৰ বিধায়ক তথা এগৰাকী দলৰ কাৰ্যকৰী সভাপতিৰ ভোটাৰ তালিকাত নাম নথকাতো অতি পৰিতাপৰ কথা বুলি উল্লেখ কৰে মন্ত্ৰীগৰাকীয়ে । কংগ্ৰেছৰ বিশৃংখলতাৰ প্ৰকাশ পাইছে বুলি উল্লেখ কৰে হাজৰিকাই । কংগ্ৰেছ দলৰ মাজত এয়া ভীষণ বেমেজালি বুলিও উল্লেখ কৰে মন্ত্ৰী পিয়ুষ হাজৰিকাই ।

কমলাক্ষ দে’ পুৰকায়স্থই কাৰোবাক ভোট দিব বা ভোট নিদিব বুলিও নাম কৰ্তন কৰিব পাৰে আৰু এয়া কংগ্ৰেছ দলত হয়েই বুলি তীৰ্যক মন্তব্য কৰে । ইফালে ভূপেন বৰাই কমলাক্ষ দে’ পুৰকায়স্থক সৌভাগ্যবান বুলি কৰা প্ৰসংগত মন্ত্ৰীগৰাকীয়ে কয় যে ভোটাৰ তালিকাত নাম নাহিলে তথা কাৰ্যকৰী সভাপতিয়ে ভোট দিবলৈ নাপালে কেনেকৈ সৌভাগ্যবান হ'ব পাৰে । এই কথা একমাত্ৰ ভূপেন বৰাইহে জানিব বুলি তেওঁ উল্লেখ কৰে ।

আনহাতে দেউৰী স্বায়িত্ব শাসিত পৰিষদৰ পৰিষদীয় নিৰ্বাচনত বিৰোধীৰ ভুমিকা কি হ'ব বুলি সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত কয় যে এইবাৰ বিৰোধীৰ অৱস্থান শূণ্য হ'ব । ২২ খনৰ ভিতৰত ২২ খন আসনেই লাভ কৰিব BJP য়ে । উল্লেখ্য যে ২২ জনীয়া সদস্য বিশিষ্ট পৰিষদৰ বাবে শনিবাৰে প্ৰথমখন তালিকাত ১২ গৰাকী প্ৰাৰ্থীৰ নাম ঘোষণা কৰিছিল কংগ্ৰেছে ।

লগতে পঢ়ক: DAC Election: দেউৰী স্বায়ত্বশাসিত পৰিষদৰ নিৰ্বা চনৰ ৰ্বা প্ৰথমখন প্ৰাৰ্থী তালিকা ঘোষণা কংগ্ৰেছৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.