ETV Bharat / state

পঞ্চায়ত সদস্যৰ বিৰুদ্ধে লখিমপুৰত প্ৰতিবাদঃ নাৰী কেলেংকাৰী - budhin baruah

নাৰী কেলেংকাৰীত অভিযুক্ত হ’ল লখিমপুৰৰ ফুলবাৰী আঞ্চলিক পঞ্চায়তৰ সদস্য ৷ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হোৱা নাই অভিযুক্ত বুধিন বৰুৱাক ৷

people protest demanding arrest of accused in lakhimpur
নাৰী কেলেংকাৰীত জড়িত হ’ল ফুলবাৰী পঞ্চায়তৰ সদস্য
author img

By

Published : Feb 28, 2020, 4:40 PM IST

লখিমপুৰ . 28 ফেব্ৰুৱাৰীঃ নাৰী কেলেংকাৰীত জড়িত অভিযুক্ত ব্যক্তিক গ্ৰেপ্তাৰৰ দাবীত প্ৰতিবাদত উত্তাল হ’ল লখিমপুৰৰ ফুলবাৰী আঞ্চলিক পঞ্চায়ত ৷ ফুলবাৰী পঞ্চায়তত শতাধিক ৰাইজ উপস্থিত হৈ শুকুৰবাৰে ফুলবাৰী আঞ্চলিক পঞ্চায়তৰ সদস্য বুধিন বৰুৱাক গ্ৰেপ্তাৰৰ দাবীত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে ৷ নাৰী কেলেংকাৰীৰ লগত জড়িত বুধিন বৰুৱাক গ্ৰেপ্তাৰ কৰিবলৈ আৰক্ষী প্ৰশাসনক ২৪ ঘণ্টাৰ সময় বান্ধি দিছে ফুলবাৰীৰ ৰাইজে। অভিযোগ অনুসৰি,কেইদিনমানৰ পূৰ্বে আঞ্চলিক পঞ্চায়তৰ সদস্য দুটা সন্তানৰ পিতৃ বুধিন বৰুৱাই ঘৰৰ ওচৰৰে দুটা সন্তানৰ মাতৃ এগৰাকী বোৱাৰীক লৈ পলায়ন কৰিছিল ৷ বুধিন বৰুৱাৰ পত্নীয়ে লগে লগেই এই সন্দৰ্ভত দলহাট আৰক্ষী চকীত এখন এজাহাৰো দাখিল কৰিছিল ৷ কিন্তু আৰক্ষীয়ে আজিলৈকে আটক কৰিবলৈ সক্ষম ন’হল সদস্য গৰাকীক ৷ ৰাইজৰ দাবী,আৰক্ষীয়ে অতি শীঘ্ৰে ব্যৱস্থা গ্ৰহণ কৰক অভিযুক্ত গৰাকীৰ বিৰুদ্ধে ৷ উল্লেখযোগ্য যে,স্থানীয় ৰাইজে ফুলবাৰী পঞ্চায়ত প্ৰৱেশ নিষিদ্ধ কৰিছে পঞ্চায়ত খনৰ সন্মান হানি কৰা বুধিন বৰুৱাৰ ৷

নাৰী কেলেংকাৰীত জড়িত হ’ল ফুলবাৰী পঞ্চায়তৰ সদস্য

লগতে পঢ়কঃযুৱতী-মহিলাক নিৰ্যাতনৰ পৰা ৰক্ষা কৰিব এযোৰ কাণফুলিয়ে

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.