ETV Bharat / state

Food poisoning case : ঢকুৱাখনাত নামঘৰৰ প্ৰসাদত বিষক্ৰিয়া, চিকিৎসাধীন ২০৮ জন

ঢকুৱাখনাত খাদ্যত বিষক্ৰিয়াৰ ঘটনা ৷ খাদ্যত বিষক্ৰিয়া হৈ অসুস্থ হোৱা লোকৰ সংখ্যা ২০৮ জনলৈ বৃদ্ধি ৷

People admitted to hospital due to food poisoning
ঢকুৱাখনাত খাদ্যত বিষক্ৰিয়াৰ ঘটনা
author img

By ETV Bharat Assamese Team

Published : Sep 19, 2023, 3:04 PM IST

ঢকুৱাখনাত খাদ্যত বিষক্ৰিয়াৰ ঘটনা

ঢকুৱাখনা, ১৯ ছেপ্টেম্বৰ : লখিমপুৰ জিলাৰ ঢকুৱাখনাত সংঘটিত হৈছে এক অঘটনা ৷ ঢকুৱাখনাৰ ১ নম্বৰ ঠেকেৰাগুৰিত নামঘৰৰ মাহ প্ৰসাদ খাই অসুস্থ হৈ পৰিছে ২০০ জনৰো অধিক লোক ৷ ভাদ মাহৰ সামৰণি নামৰ প্ৰসাদ গ্ৰহণৰ পিচতেই কালিৰে (সোমবাৰ) পৰা ইজনৰ পিচত আনজন খাদ্যৰ বিষক্ৰিয়াত আক্ৰান্ত হৈছে ৷ আনকি সময় যোৱৰ লগতে ক্ৰমাৎ আক্ৰান্তৰ সংখ্যাও বৃদ্ধি হৈ গৈয়েই আছে ।

জানিব পৰা মতে, দেওবাৰে ১ নম্বৰ ঠেকেৰাগুৰিৰ নামঘৰত আছিল ভাদমহীয়া নাম সামৰণিৰ অনুষ্ঠান । নাম সামৰণিৰ মাহ-প্ৰসাদ খোৱাৰ পিচতে নিশালৈ অসুস্থ হৈ পৰে বহু কেইজন লোক ৷ সোমবাৰে ৰাতিৰে পৰা শৌচ, বমি, পেটৰ বিষত আক্ৰান্ত হোৱা লোকসকলক ভৰ্তি কৰোৱা হয় ঢকুৱাখনা মহকুমা অসামৰিক চিকিৎসালয়ত ৷

খাদ্যৰ বিষক্ৰিয়াত আক্ৰান্ত আটাইকেইজন লোকেই গ্ৰহণ কৰিছিল নামৰ প্ৰসাদ ৷ সেয়ে নাম সামৰণিৰ প্ৰসাদ গ্ৰহণ কৰাৰ পৰাই আটাইকেইজন লোক অসুস্থ হোৱা বুলি প্ৰায় নিশ্চিত হৈছে । তথ্য অনুসৰি, সম্প্ৰতি ঢকুৱাখনা মহকুমা অসামৰিক চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে খাদ্যৰ বিষক্ৰিয়াত আক্ৰান্ত হোৱা ২০৮ জন অসুস্থ লোক ৷

ঢকুৱাখনা মহকুমা অসামৰিক চিকিৎসালয়ত ভৰ্তি হোৱা আটাইকেইজন অসুস্থ লোকক চিকিৎসালয়ৰ ৫ গৰাকী চিকিৎসকে নিৰন্তৰভাৱে কৰি গৈছে চিকিৎসা সেৱা । ইফালে বিছনাৰ অভাৱত চিকিৎসালয়ৰ বাৰাণ্ডাতো ৰোগীয়ে চিকিৎসা গ্ৰহণ কৰিব লগা পৰিস্থিতিৰ উদ্ভৱ হৈছে ।

ইতিমধ্যে ঘটনাৰ বুজ ল'বলৈ লখিমপুৰ জিলা আয়ুক্ত সুমিত সাত্তাৱান, ঢকুৱাখনাৰ মহকুমাধিপতি কাৰ্তিক কলিতা চিকিৎসালয়ত উপস্থিত হৈ চিকিৎসা ব্যৱস্থাৰ তদাৰক কৰিছে । লগতে খাদ্য বিষক্ৰিয়া সন্দৰ্ভত এক উচিত তদন্ত কৰাৰ আশ্বাস প্ৰদান কৰে জিলা আয়ুক্তগৰাকীয়ে ৷

লগতে পঢ়ক : Bhaona in Majuli: বিশ্বকৰ্মা পূজা উপলক্ষে মাজুলীৰ 1 নং কঢ়াল গাঁৱত কুৰু সন্ধ্যা নাট মঞ্চস্থ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.