ETV Bharat / state

খাই বৈ থাকিব পৰাকৈ মোক এটা ঘৰ লাগে

author img

By

Published : Aug 2, 2020, 8:43 PM IST

মোক খাই বৈ থাকিবলৈ মাথোঁ এটা ঘৰ লাগে ৷ চৰকাৰলৈ এই কাতৰ আহ্বান লখিমপুৰৰ এগৰাকী বিধৱা মহিলাৰ ৷ কিন্তু তেওঁলোকৰ এই কাতৰ আহ্বান শুনিবনে চৰকাৰ কিম্বা প্ৰশাসনে ?

pathetic condition of a family in lakhimpur
খাই বৈ থাকিব পৰাকৈ মোক এটা ঘৰ লাগে

নাওবৈচা, 2 আগষ্ট: চৰকাৰ আহিল আৰু গ'ল, কিন্তু তাহানিৰ পৰাই একেদৰেই থাকিল মহিলাগৰাকীৰ জৰাজীৰ্ণ ঘৰটো ৷ প্ৰতিবাৰেই কোনো লোক আহে আৰু ঘৰটোৰ ফটো তুলি লৈ যায় ৷ আশ্বাস প্ৰদান কৰে এটা ভাল ঘৰ নিৰ্মাণ কৰি দিয়াৰ ৷ কিন্তু ভুৱা সপোনৰ আশাতে এতিয়া পৰা হৈছে দুৰ্ভগীয়া মহিলাগৰাকীৰ জীৱন ৷ লখিমপুৰ জিলাৰ নাওবৈচা সমষ্টিৰ দলহাট-সোণাপুৰ গাঁও পঞ্চায়তৰ অন্তৰ্গত ৰানাবাৰী গাঁৱৰ মহিলাগৰাকীয়ে পুত্ৰক লৈ দিন হাজিৰা কৰি কোনোমতে পাৰ কৰিছে দিন-ৰাতি ৷ একমাত্ৰ পুত্ৰ সন্তানটিৰ সৈতে সুচলভাৱেই সময় পাৰ হৈছিল মহিলা গৰাকীৰ ৷ কিন্তু হঠাতে শয্যাশায়ী হৈ পৰিল পুত্ৰ ৷ তাৰ পাচতেই অমানিশা নামি আহি তেওঁলোকৰ জীৱনলৈ ৷ পুত্ৰৰ চিকিৎসাৰ নামত সকলো সা-সম্পত্তি বিক্ৰী কৰিলে অসহায় মাতৃয়ে ৷ বিক্ৰী কৰিলে চৰকাৰ পৰা লাভ কৰা একমাত্ৰ সাহায্য গেছটোও ৷ সহায়ৰ হাত বিচাৰি কেইবাবাৰো তেওঁ পঞ্চায়তলৈ অহা-যোৱা কৰিছে যদিও, আশ্বাসৰ বাহিৰে আন একো লাভ নকৰিলে তেওঁ ৷

খাই বৈ থাকিব পৰাকৈ মোক এটা ঘৰ লাগে

চৰকাৰী সুবিধাৰ পৰা বঞ্চিত এই মহিলাগৰাকীয়ে উপান্তৰ হৈ পৰিয়াল পোহপাল দিবলৈ বাছি ল'লে দিন হাজিৰাৰ পথ ৷ কিন্তু লক ডাউনৰ লগতে শেহতীয়া বান পৰিস্থিতিয়ে জুৰুলা কৰি পেলাইছে দুজনীয়া পৰিয়ালটোক ৷ হাজিৰাৰ কামো নোপোৱা হ'ল তেওঁ ৷ যাৰ বাবে এদিন খাই এদিন লঘোণে থাকিবগীয়া অৱস্থা তেওঁলোকৰ ৷ আনকি থাকিবলৈয়ো তেওঁলোকৰ ওচৰত নাই এটা ভাল ঘৰ ৷ বাৰিষা বৰষুণে দিলেই থাকিব নোৱাৰা হৈ পৰে ঘৰটোৰ ভিতৰছোৱাত ৷ উল্লেখ্য যে, চৰকাৰে আৰ্থিকভাৱে দুৰ্বল লোকৰ বাবে বহু আঁচনি হাতত লৈছে যদিও, আজি পৰ্যন্ত কোনো এখন আঁচনিয়েই ঢুকি নাপালে তেওঁলোকক ৷ আনকি চৰকাৰী আৱাস যোজনাৰ পৰাও বঞ্চিত হৈ থাকিল তেওঁলোক ৷ দেওবাৰে লালুকৰ স্থানীয় যুৱক ভবেন ফুকন আৰু প্ৰত্যুষ পৱন শৰ্মাই পৰিয়ালটোৰ অভাৱ অভিযোগৰ বুজ লৈ কিছু পৰিমাণে খাদ্য সামগ্ৰীৰ যোগান ধৰে পৰিয়ালটোক । কিন্তু এইখিনিতে এটা প্ৰশ্ন চৰকাৰ কিম্বা জনপ্ৰতিনিধিয়ে ঢুকি পাবনে এই পৰিয়ালটোক ?

লগতে পঢ়ক: বঙাইগাঁৱত অচিন ৰোগে নষ্ট কৰিছে বিঘাই বিঘাই শালিধানৰ খেতি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.