ETV Bharat / state

ভৰা সোৱণশিৰিৰ বুকুত বিকল হ’ল যাত্ৰীবাহী ফেৰী - সোৱণশিৰি নদীত অঘটন

লখিমপুৰৰ সোৱণশিৰি নদীত অঘটন । ইঞ্জিন বিকল হৈ নদীত আবদ্ধ হ’ল যাত্ৰীবাহী ফেৰী (Passenger ferry stuck in Subansiri River)। নৈৰ বুকুত আৱদ্ধ হোৱা ফেৰীখনত আছিল প্ৰায় ২০ জন যাত্ৰী ।

Passenger ferry stuck in Subansiri River
ভৰা সোৱণশিৰিৰ বুকুত বিকল হ’ল যাত্ৰীবাহী ফেৰী
author img

By

Published : Oct 9, 2022, 7:58 PM IST

Updated : Oct 9, 2022, 10:53 PM IST

লখিমপুৰ, ৯ অক্টোবৰ : লখিমপুৰৰ সোৱণশিৰি নদীত অঘটন ৷ দেওবাৰে ভৰা সোৱণশিৰিৰ বুকুত ইঞ্জিন বিকল হৈ আবদ্ধ হ’ল ফেৰী (Passenger ferry stuck in Subansiri River) ৷ ফেৰীখনত আছিল প্ৰায় ২০ জন যাত্ৰী ৷ লগত আছিল ৮ খন বাইক আৰু বহু গধুৰ সামগ্ৰীও ৷

ইফালে ফেৰীখন বিকল হোৱাৰ সময়ত ধাৰাষাৰ বৃষ্টিপাত হয় ৷ ফলত ফেৰী যাত্ৰীৰ মাজত সৃষ্টি হয় এক হাহাকাৰময় পৰিস্থিতিৰ ৷ একাংশ লোকে উল্লেখ কৰা অনুসৰি, চিংগল ইঞ্জিনৰ ফেৰীৰ বাবেই এই অঘটনটো সংঘটিত হয় । লক্ষ্যণীয় বিষয় যে, ভয়াবহ নিমাতী কাণ্ডৰ পাচত চৰকাৰে দ্বৈত ইঞ্জিন ফেৰী চলোৱাতো বাধ্যতামূলক কৰিছিল ৷

কিন্তু চৰকাৰৰ ঘোষণাৰ সময় পাৰ হোৱাৰ লগে লগে সকলো নীতি নিৰ্দেশনা যেন তল পৰিল ।

যাৰ ফলত বৰ্তমান একক ইঞ্জিন বা জৰাজীৰ্ণ ফেৰী, নাও আদিৰে বিপদজনকভাৱে বিভিন্ন পাৰঘাটত যাত্ৰীক পাৰাপাৰ কৰোৱাৰ বাতৰি সঘনে বিভিন্ন সংবাদ মাধ্যমত সম্প্ৰচাৰ হোৱা পৰিলক্ষিত হৈ আহিছে । তাৰে ব্যতিক্ৰম নহয় লখিমপুৰৰ সোৱণশিৰি নদীত সংঘটিত হোৱা অঘটনটো ৷

ফলত দেওবাৰে ভৰা সোৱণশিৰিৰ বুকুত পুনৰ আন এক নিমাতী কাণ্ডৰ উপক্ৰম ঘটিছিল । অৱশ্যে বহু সময়ৰ পাচত আন্ধাৰৰ মাজতো কোনোমতে আন এখন ফেৰীয়ে যাত্ৰীসকলক উদ্ধাৰ কৰিবলৈ সক্ষম হয় ।

লগতে পঢ়ক : জোনাইৰ অসম অৰুণাচল সীমান্তত পথ দুৰ্ঘটনাত আহত ছয়

Last Updated : Oct 9, 2022, 10:53 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.