ETV Bharat / state

শিলচৰত পাকিস্তান জিন্দাবাদ ধ্বনিৰ প্ৰতিক্ৰিয়া বিধায়ক দেবানন্দ হাজৰিকাৰ

author img

By

Published : Nov 6, 2020, 6:19 PM IST

কংগ্ৰেছৰ উচতনিতেই এই কাৰ্য সংঘটিত হোৱা বুলি দাবী কৰে বিজেপি বিহপুৰীয়াৰ বিধায়ক দেবানন্দ হাজৰিকাই ।

pakistan zindabad reaction by bihpuria mla dabannada hazarika
শিলচৰত পাকিস্তান জিন্দাবাদ ধ্বনিৰ প্ৰতিক্ৰিয়া প্ৰকাশঃ বিধায়ক দেবানন্দ হাজৰিকাৰ

বিহপুৰীয়া,6 নৱেম্বৰঃ শিলচৰ বিমান বন্দৰত সাংসদ বদৰুদ্দিন আজমল উপস্থিত হোৱাৰ পিছতে একাংশ সমৰ্থকে পাকিস্তান জিন্দাবাদ ধ্বনি দিয়াক কেন্দ্ৰ কৰি ৰাজ্যৰ ৰাজনীতি উত্তাল হৈ থকাৰ সময়তে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বিহপুৰীয়াৰ বিধায়ক দেবানন্দ হাজৰিকাই । কংগ্ৰেছৰ উচতনিতেই এই কাৰ্য সংঘটিত হোৱা বুলি দাবী কৰে বিজেপি বিধায়ক গৰাকীয়ে ।

ইফালে শুকুৰবাৰে বিহপুৰীয়াৰ বিধায়ক দেবানন্দ হাজৰিকাই কংগ্ৰেছ আৰু এআইইউডিএফক তীব্ৰ সমালোচনা কৰে ৷ কংগ্ৰেছক পাকিস্তানী পন্থী বুলি অভিহিত কৰি তেওঁ কয় যে,‘‘আজি সম্পূৰ্ণৰূপে প্ৰমাণিত হ’ল, অসমত পাকিস্তানী আৰু হিন্দুস্থানী পন্থী দুটা ৰাজনৈতিক চিন্তাধাৰাৰ দল আছে । এই ক্ষেত্ৰত কংগ্ৰেছ আৰু এআইইউডিএফ হ’ল পাকিস্তানী পন্থীৰ দল’’ ।

আজমলৰ দলত এনেধৰণৰ পাকিস্তান জিন্দাবাদ ধ্বনি দিয়াৰ বাবে শীঘ্ৰেই আজমলক গ্ৰেপ্তাৰৰ দাবী তোলে বিধায়ক দেবানন্দ হাজৰিকাই ।

লগতে পঢ়কঃ পাকিস্তান জিন্দাবাদ ধ্বনিঃ বিধায়ক আজিজ আহমেদ খানৰ প্ৰতিক্ৰিয়া

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.