লখিমপুৰ, ৬ জানুৱাৰী : পদ্মশ্রী উদ্ধব ভৰালীৰ বিৰুদ্ধে এগৰাকী কিশোৰীক যৌন নিৰ্যাতন চলোৱাৰ গোচৰ ৰুজু হৈছে ( Minor girl molestation case against Uddhab Bharali ) । শিশুগৃহৰ পৰা তুলি লোৱা এটি কিশোৰীক যৌন নিৰ্যাতন চলোৱাৰ অভিযোগত ১৭ ডিচেম্বৰত লখিমপুৰ সদৰ থানাত তেওঁৰ বিৰুদ্ধে ১৩৩২/২০২১ নম্বৰত ৰুজু হয় এটা গোচৰ । গোচৰ সংক্রান্তত ২৮ ডিচেম্বৰত ভৰালীয়ে লাভ কৰে ন্যায়ালয়ৰ পৰা অগ্ৰিম জামিন ।
এই সন্দৰ্ভত অহা ৭ জানুৱাৰীত কেচ ডায়েৰী দাখিলৰ নিৰ্দেশ দিয়া হৈছে । এই গোচৰ সম্পর্কে বুধবাৰে দীৰ্ঘ সময় ধৰি তদন্তকাৰী আৰক্ষী বিষয়াই সোধপোচ কৰে ভৰালীক । ঘটনাটোৱে ইতিমধ্যে, সংবাদ শিৰোনাম দখল কৰাৰ লগতে সামজিক মাধ্যমতো তুমুল আলোড়নৰ সৃষ্টি কৰিছে । এই ঘটনাক লৈ বৃহস্পতিবাৰে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে উদ্ধব ভৰালীয়ে (Uddhab Bharali on molestation case against him) । এইয়া তেওঁৰ বিৰুদ্ধে এক গভীৰ ষড়যন্ত্র বুলি অভিহিত কৰি তেওঁ কয়, বহু দৰিদ্ৰ লোক, বহু বৃদ্ধ লোকক সহায় কৰাৰ ফলত আৰু তেওঁৰ বঁটা বাহন প্ৰাপ্তিত ঈৰ্ষাম্বিত হৈ এনেদৰে ষড়যন্ত্র কৰা হৈছে ।
ন্যায় ব্যৱস্থাৰ প্ৰতি তেওঁৰ আস্থা আছে আৰু ন্যায় প্ৰাপ্তিৰ হকে যুঁজ দি সফল হ’ব বুলিও কয় তেওঁ । যুঁজখনত জিকাৰ পাছতে তেওঁ অসম এৰি গুছি যাবগৈ বুলিও মন্তব্য কৰিছে (Uddhab Bharali on leaving Assam)। পদ্মশ্ৰী ভৰালীৰ এই মন্তব্যই যথেষ্ট তাৎপৰ্য বহন কৰিছে আৰু ইয়াকলৈয়ো ইতিমধ্যে সামাজিক মাধ্যম সমূহত ব্যাপক চৰ্চা হোৱা দেখা গৈছে ৷
লগতে পঢ়ক : বিজেপিৰ হৈ ৰাজ্যসভালৈ যাব পাৰে পৱন সিং ঘাটোৱাৰ !