বিহপুৰীয়া,11ডিচেম্বৰ : দেশৰ কৃষকে কৃষি আইনৰ বিৰোধিতাৰে সমগ্ৰ দেশ কঁপাই তোলাৰ সময়তো ৰাজ্যৰ কৃষক বঞ্চিত হৈছে ধানৰ উচিত মূল্য লাভৰ পৰা ৷ লখিমপুৰ জিলাৰ দৰে আশী শতাংশ কৃষিৰ ওপৰত নিৰ্ভৰশীল জিলাত এতিয়া ধানৰ দাম প্ৰতি কুইন্টলত 600 ৰ পৰা 800 টকা ৷ উল্লেখযোগ্য যে, চৰকাৰে প্ৰতি কুইন্টল ধানৰ দাম ১৮৬৮ টকা নিৰ্ধাৰণ কৰিছে যদিও কৃষকক এই দাম নিদিয়ে ধানৰ মিল আৰু দোকানীসকলে ৷
এতিয়া খেতি সামৰি কৃষকে ধান বিক্ৰী কৰাৰ সময়, কিন্তু এই ধান বিক্ৰীৰ বাবে চৰকাৰীভাৱে বৰ্তমানো নাই PPC অৰ্থাৎ কৃষি বিপনন কেন্দ্ৰ ৷ চৰকাৰে পূৰ্বতে ভাৰতীয় খাদ্য নিগমক ধান ক্ৰয় কৰাৰ অনুমতি দিছিল যদিও চলিত বৰ্ষত এতিয়ালৈকে খাদ্য নিগমলৈ ধান ক্ৰয় কৰাৰ বাবে কোনো নিৰ্দেশনা দিয়া নাই ৷
আনহাতে খাদ্য নিগমত ধান বিক্ৰীৰ ব্যৱস্থা কৰি দিলেও কৃষকসকল আগ্ৰহী নহয় ধান বিক্ৰী কৰিবলৈ ৷ নিগমৰ জটিল নীতি-নিয়ম আৰু দূৰদূৰণিৰ কৃষকৰ বাট খৰচ মিলালে কৃষকসকলৰ লোকচান হয় বুলিহে উল্লেখ কৰিছে কৃষক সকলে ৷ বানে-গৰকা লখিমপুৰৰ চহা কৃষকসকলে বহু কষ্টৰ বিনিময়ত লাভ কৰা ধানৰ দাম নাপাই এতিয়া মূৰে কঁপালে হাত দিব লগা পৰিস্থিতিৰ সৃষ্টি হৈছে ৷
গ্ৰামাঞ্চলৰ বহু পৰিয়ালৰ অৰ্থনীতিৰ ভেটি ধানখেতি , তেনে ক্ষেত্ৰত এই সকল কৃষকেই কোনো বছৰ চৰকাৰে বান্ধি দিয়া MSP (minimum support price) ত ধান বেচাৰ সৌভাগ্য নহয়। ফলত এচাম মধ্যভোগী দালালে বৰ্তমান কম দামত দুখীয়া কৃষকৰ ধান ক্ৰয় কৰি সঠিক সময়ত হাত কৰে চৰকাৰী মূল্য। সেয়েহে কৃষকে চৰকাৰক ইয়াৰ এটা সু-ব্যৱস্থাৰ গ্ৰহণ কৰিবলৈ দাবী জনাইছে ।
লগতে পঢ়কঃ CAA বিৰোধিতাৰে পুনৰ হুংকাৰ অখিল গগৈৰ