ETV Bharat / state

Raid against power loom products : লখিমপুৰত পাৱাৰলুমৰ বস্ত্ৰৰ বিৰুদ্ধে প্ৰশাসনৰ অভিযান - লখিমপুৰত পাৱাৰলুমৰ বস্ত্ৰৰ বিৰুদ্ধে প্ৰশাসনৰ

বহিঃৰাজ্যৰ পৰা অহা গামোচাৰ বিৰুদ্ধে বৃহস্পতিবাৰে লখিমপুৰ জিলাত চলিল হস্ততাঁত বস্ত্ৰ বিভাগ আৰু প্ৰশাসনৰ অভিযান ৷ এই অভিযানত জব্দ কৰা হয় বহু পৰিমাণৰ বহিঃৰাজ্যৰ পাৱাৰলুমৰ বস্ত্ৰ (Operation against power looms products in Lakhimpur) ৷

Operation against power looms products
লখিমপুৰ জিলাত হস্ততাঁত বস্ত্ৰ বিভাগ আৰু প্ৰশাসনৰ অভিযান
author img

By

Published : Apr 7, 2023, 7:17 AM IST

লখিমপুৰ জিলাত হস্ততাঁত বস্ত্ৰ বিভাগ আৰু প্ৰশাসনৰ অভিযান

লখিমপুৰ, 7 এপ্রিল : বহিঃৰাজ্যৰ পৰা অহা পাৱাৰলুমৰ গামোচা তথা বস্ত্ৰ ৰাজ্যখনত চৰকাৰে সম্পূৰ্ণৰূপে নিষিদ্ধ কৰাৰ পিচতো একাংশ ক'লা ব্যৱসায়ীয়ে মুনাফা লাভৰ স্বাৰ্থত এতিয়াও অতি গোপনে বিক্ৰী কৰি আহিছে পাৱাৰলুমৰ বিভিন্ন বস্ত্ৰ । সমান্তৰালভাৱে তেনে অসাধু চক্ৰৰ বিৰুদ্ধে সষ্টম হৈ পৰা পৰিলক্ষিত হৈছে ৰাজ্যৰ প্ৰশাসন । ৰাজ্যৰ বিভিন্ন প্ৰান্তত বহিঃৰাজ্যৰ পৰা অহা পাৱাৰলুমৰ বস্ত্ৰৰ বিৰুদ্ধে বস্ত্ৰ শিল্প বিভাগ তথা প্ৰশাসনে অভিযান অব্যাহত ৰাখিছে (Raid against power loom products) ।

বৃহস্পতিবাৰে লখিমপুৰত জিলা উপাযুক্তৰ নিৰ্দেশমৰ্মে পাৱাৰলুমৰ বস্ত্ৰৰ বিৰুদ্ধে চলে অভিযান । থলুৱা বস্ত্ৰ শিল্প উদ্যোগক শক্তিশালী কৰি তোলাৰ উদ্দেশ্যৰে ৰাজ্য চৰকাৰে গ্ৰহণ কৰিছে এই পদক্ষেপ । লখিমপুৰ নগৰাঞ্চলৰ বিভিন্ন ৰাজহ চক্র বিষয়াৰ লগতে জিলা হস্ততাঁত বস্ত্ৰ শিল্প বিভাগৰ বিষয়া কৰ্মচাৰী, আৰক্ষী আদিৰ যৌথ উদ্যোগত এই অভিযান চলোৱা হয় । অভিযানত প্ৰায়বোৰ বস্ত্ৰ বিপণিৰ পৰা বহু পৰিমাণৰ পাৱাৰলুমৰ বস্ত্ৰ সম্ভাৰ অভিযানকাৰী দলে জব্দ কৰিবলৈ সক্ষম হয় (Many power looms products Seized in Lakhimpur)।

এই অভিযানত পাৱাৰলুমৰ বস্ত্ৰৰ লগতে পাৱাৰলুম হয়নে নহয় নিশ্চিত নোহোৱা বস্ত্ৰও পৰীক্ষাৰ বাবে অভিযানকাৰী দলে জব্দ কৰি লৈ যায় বুলি অভিযানকাৰী দলটোৱে জানিবলৈ দিয়ে । লখিমপুৰ জিলা ৰাজহ চক্র বিষয়াগৰাকীৰ নেতৃত্বত চলা এই অভিযানকালত পাৱাৰলুম তথা বহিঃৰাজ্যৰ সস্তীয়া সামগ্রী ক্ৰয় কৰাৰ পৰা বিৰত থাকিবলৈ বিষয়াগৰাকীয়ে সংবাদ মাধ্যমযোগে ৰাইজলৈ আহ্বান জনায় । থলুৱাভাৱে উৎপাদন হোৱা বস্ত্ৰ সামগ্রী ক্ৰয় কৰি থলুৱা হস্ততাঁত বস্ত্ৰ শিল্পৰ বুনিয়াদ মজবুত কৰাত অৰিহণা যোগাবলৈ ৰাজহ চক্র বিষয়াগৰাকীগৰাকীয়ে ৰাইজলৈ আহ্বান জনায় (Operation against power looms products) ।

উল্লেখ্য যে, অসমৰ বস্ত্ৰ শিল্প তথা অসমৰ শিপিনীৰ আছে গৌৰৱময় ইতিহাস ৷ কিন্তু তাৰ পিচতো পাৱাৰলুমৰ গামোচাৰ লগতে বিভিন্ন বস্ত্ৰই অসমৰ শিপিনীসকলক থলুৱা বজাৰখন দখল কৰাত ভীষণ সমস্যাত ভোগাই অহা পৰিলক্ষিত হৈছে ৷ ৰাজ্যৰ বস্ত্ৰশিল্প তথা শিপিনীসকলক থলুৱা বজাৰখন দিয়াৰ উদ্দেশ্যৰে ৰাজ্য চৰকাৰে ৰাজ্যখনত অব্যাহত ৰাখিছে এই অভিযান ৷ (Assam Govt ban on powerloom products)

লগতে পঢ়ক : Path Sabha in Guwahati : গণতন্ত্ৰৰ সংকট কালত ৰাইজক ঐক্যবদ্ধ হ’বলৈ আহ্বান কংগ্ৰেছৰ

For All Latest Updates

TAGGED:

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.