লখিমপুৰ, 21 নৱেম্বৰঃ লখিমপুৰত এখন পোষ্টাৰকলৈ সৃষ্টি হৈছে বিতৰ্কৰ ৷ এগৰাকী যুৱতীৰ বিৰুদ্ধে অশালনীন মন্তব্যৰে নীলমণি শইকীয়া নামৰ এজন যুৱকে ওলমাইছিল এখন পোষ্টাৰ ৷
প্ৰাপ্ত তথ্য অনুসৰি, নীলমণি শইকীয়া নামৰ এজন যুৱকে এগৰাকী যুৱতীৰ বিৰুদ্ধে দ'ল'হাট বজাৰত পোষ্টাৰ আঁৰিছিল ৷ পোষ্টাৰখনত যুৱতীগৰাকীৰ বিৰুদ্ধে বিভিন্ন অশালীন মন্তব্য আগবঢ়াইছিল নীলমণি শইকীয়া যুৱকজনে ৷ পৰৱৰ্তী সময়ছোৱাত দ'ল'হাট আৰক্ষী চকীত দাখিল কৰিছিল এজাহাৰ ৷
লগতে পঢ়কঃ ব্যক্তিগতকৰণ নহয় নুমলীগড় তেল শোধনাগাৰঃ নিৰ্মলা সীতাৰমণ
ইপিনে, গোচৰ ৰুজু কৰাৰ উমান লাভ কৰি অভিযুক্ত নীলমণি শইকীয়াই ন্যয়ালয়ৰ পৰা আগতীয়া জামিন লৈ বুধবাৰে হাজিৰ হৈ দ'ল'হাট আৰক্ষী চকীত ৷ লগে লগে যুৱতীগৰাকীও উপস্থিত হয় দ'ল'হাট আৰক্ষী চকীত ৷ নীলমণি শইকীয়াই যদি উচিত শাস্তি লাভ নকৰে তেন্তে আত্মহত্যাৰো ভাবুকি প্ৰদান কৰে যুৱতীগৰাকীয়ে ৷