ETV Bharat / state

বহিঃৰাজ্যত চকু আৰু কিডনী নোহোৱা অৱস্থাত পোৱা গৈছে লখিমপুৰৰ যুৱকৰ মৃতদেহ !

author img

By

Published : Aug 19, 2019, 6:38 PM IST

Updated : Aug 19, 2019, 7:59 PM IST

ডেৰমাহ ধৰি নিখোজ হৈ আছে লখিমপুৰৰ কুলিমালী গাঁৱৰ ৰাজু বৰা নামৰ যুৱকজন । পৰিয়ালৰ মাজত হাহাকাৰ পৰিস্থিত ৷ ঘটনা সন্দৰ্ভত আৰক্ষীৰ তদন্ত আৰম্ভ ৷

বহিঃৰাজ্যত সন্ধানহীন লখিমপুৰৰ যুৱক

লখিমপুৰ, 19 আগষ্ট : কৰ্মসন্ধানত গৈ বহিৰাজ্যত নিখোজ অসমৰ যুৱক । দিল্লীত যোৱা প্ৰায় ডেৰমাহ ধৰি নিখোজ হৈ আছে লখিমপুৰৰ কুলিমালী গাঁৱৰ ৰাজু বৰা নামৰ যুৱকজন । যোৱা 1 জুলাইলৈকে ৰাজু বৰা বেংগালুৰুত আছিল আৰু তেতিয়ালৈকে পৰিয়ালৰ সৈতে যোগাযোগ আছিল ৷ 1 জুলাইত নতুন কামৰ সন্ধানত দিল্লীলৈ যোৱাৰ কথা জনাইছিল পৰিয়ালৰ লোকক আৰু সেয়াই তেওঁৰ শেষ ফোন ৷ একেলগে কৰ্মসন্ধানত যোৱা একে গাঁৱৰে কনপাই শইকীয়া নামৰ লোকজনে যোৱা 31 জুলাইত ৰাজু বৰাৰ পত্নীলৈ ফোন কৰি জনাইছিল যে, ৰে’লষ্টেচনৰ সমীপত, চকু আৰু কিডনি নোহোৱা অৱস্থাত পোৱা গৈছে ৰাজুৰ মৃতদেহ । তেতিয়াৰে পৰা হুৱাদুৱা লাগিছে পৰিয়ালৰ মাজত ৷ ইতিমধ্যে ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে ৷

Intro:পুনৰ কৰ্মসন্ধানত গৈ বহিৰাজ্যত নিখুজ অসমৰ যুৱক।এইবাৰ দিল্লীত যোৱা প্ৰায় ডেৰমাহ ধৰি নিখুজ হৈ অাছে লখিমপুৰৰ কুলিমালী গাৱৰ ৰাজু বৰা নামৰ যুৱকজন।Body:যোৱা১জুলাইলৈকে ৰাজু বৰাৰ যোগাযোগ অাছিল পৰিয়ালৰ সৈতে অাৰু তেতিয়া লৈকে যুৱকজন অাছিল বেংগালুৰুত।
১ জুলাইত ফন কৰি ৰাজু বৰাই পৰিয়ালক জনাইছিল বাংগালুৰুৰ পৰা দিল্লীলৈ নতুন কামৰ সন্ধানত যোৱাৰ কথা,দিল্লীত উপস্থিতহৈ ঘৰলৈ ফন কৰি জনাইছিল দিল্লীৰ চান্দিনী চ'কত থকাৰ কথা- অাৰু সেয়াই অাছিল যুৱক জনৰ ঘৰলৈ কৰা শেষ ফ'ন।একেলগে কৰ্মসন্ধানত যোৱা একে গাঁৱৰে কনপাই শইকীয়া নামৰ লোক জনে যোৱা ৩১জুলাইত ৰাজু বৰাৰ পত্নীলৈ ফ'ন কৰি জানাইছিল যে- ৰেলষ্টেচনৰ সমিপত ,চকু অাৰু কিডনি নোহোৱা অৱস্থাত পোৱাগৈছে ৰাজুৰ মৃতদেহ।Conclusion:অাৰু তেতিয়াৰে পৰা হুৱাদুৱা অাৰম্ভ হল ৰাজুৰ পৰিয়ালত।মাতৃয়ে হিয়া ঢাকুৰিয়াই কান্দি কান্দি কাষ চাপিছে অাৰক্ষীৰ,
সহায় বিছাৰিছে সকলোৰে,সঠিক খবৰ অানি দিব লাগে নিজ পুত্ৰৰ।লখিমপুৰ অাৰক্ষীয়ে ইতিমধ্যে ৰাজু বৰাৰ ফ'ন লকেচন নিশ্চিত কৰিছে,কিন্তু সক্ষম হোৱা নাই দিল্লীলৈ গৈ ঘটনাৰ তদন্ত কৰিবলৈ।
Last Updated : Aug 19, 2019, 7:59 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.